হলে এই ক্ষমতা প্ৰচুৰ মাত্ৰাত আছিল। নিজৰ জমিদাৰীৰ খেতিয়ক
আৰু বনুৱাসকলৰ ন্যায়-বিচাৰো নিজেই কৰিছিল আৰু সংস্থাগাৰত
গোটখাই নিজ দেশৰ আভ্যন্তৰীণ বিষয়বোৰৰ পৰিচালনাৰ ব্যৱস্থা কৰি
লৈছিল। নিজৰ ভিতৰত কিবা দ্বন্দ্ব-খৰিয়াল লাগিলেও তাক নিজৰ
ভিতৰতে মীমাংসা কৰি লৈছিল। কিন্তু কাকো দেশৰ পৰা উলিয়াই
দিবলৈ হলে অথবা কাকো ফাঁচি দিবলৈ হলে তেওঁলোকে কোসল
ৰজাৰ পৰা আজ্ঞা লব লাগিছিল। এই কথা ‘চুল্লসচ্চক সুত্ত’ৰ তলত
দিয়া সংবাদৰ পৰা জানিব পৰা যায়–
‘ভগৱানে কয়, “হে অগ্নিৱেস্সন, পসেনদি কোসলৰ নিচিনা বা
মগধৰ অজাতশত্ৰুৰ নিচিনা মুৰ্দ্ধাভিষিক্ত (মুৰ্ধাৱসিক্ত) ৰজাৰ নিজৰ
প্ৰজাৰ ভিতৰৰ কোনো অপৰাধী লোকক মৃত্যুদণ্ড বিহিবলৈ, জৰিমনা
কৰিবলৈ বা নিৰ্ব্বাসিত কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আছেনে নাই?”
‘সচ্চকে কয়, “হে গোতম, ৱজ্জী আৰু মল্লৰ গণৰজা সকলৰো নিজৰ
ৰাজ্যৰ অপৰাধীক ফাঁচী দিবলৈ, জৰিমনা বা নিৰ্ব্বাসিত কৰিবলৈ
অধিকাৰ আছে, গতিকে কোসল ৰজা পসেনদি বা অজাতশত্ৰুৰ সেই
অধিকাৰ থকা বুলি কোৱাৰ কোনো আৱশ্যকেই নাই।” '
এই কথোপকথনৰ পৰা আমি জানিব পাৰোঁহক যে অকল ৱজ্জা
আৰু মল্লহঁতৰহে সম্পূৰ্ণ স্বাধীনতা আছিল আৰু শাক্য, কোলিয়, কাশী
আদি গণৰজাসকলৰ অপৰাধীক মৃত্যুদণ্ড দিবলৈ, বৰ বেচি জৰিমনা
কৰিবলৈ বা নিৰ্ব্বাসন দিবলৈ অধিকাৰ আৰু নাছিল। তাৰ বাবে
শাক্য, কোলিয় আৰু কাশীৰগণৰজাহঁতে কোসলৰ ৰজাৰ আৰু অঙ্গ-
গণৰাজহঁতে মগধৰ ৰজাৰ পৰা আজ্ঞা লব লাগিছিল।
মায়াদেৱী সম্পৰ্কীয় তথ্য–বোধিসত্ত্বৰ মাকৰ সম্বন্ধে তেনেই
কমহে উল্লেখ পোৱা যায়। মায়াদেৱীয়ে যে তেওঁৰ মাতৃ আছিল, সেই
পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
ভগৱান বুদ্ধ