বােধিৰ অর্থ হল মানুহক উদ্ধাৰ কৰাৰ জ্ঞান আৰু তাৰ বাবে প্রয়াস কৰা প্ৰাণীয়ে (সত্ত্ব) হল বােধিসত্ত্ব। প্ৰথমতে বােধহয় গৌতম জন্মৰপৰা তেওঁৰ সম্বােধি-জ্ঞান লাভৰ সময়লৈকে তেওঁৰ সম্বন্ধে এই বিশেষণৰ প্ৰয়ােগ কৰা হৈছিল। পিচত সময়ত গৈ এই কল্পনাও প্রচলিত হল যে তেওঁ এই জন্মৰ আগতেও কেবা বাৰো জন্ম গ্রহণ কৰিছিল। আৰু এই পুৰ্ব্বজন্মৰ লগতো তেওঁৰ নামৰ লগত বােধিসত্ত্ব বিশেষণ প্রয়ােগ কৰা হবলৈ ধৰিলে। 'জাতক’ত তেওঁৰ পূৰ্ব্বজন্মৰ কথাবোৰৰ সংগ্ৰহ দিয়া হৈছে। সেই কথাবােৰৰ মুখ্য পাত্ৰক বােধিসত্ত্ব বুলি কৈ তেওঁকেই পূর্ব্বজন্মৰ গৌতম বুলি ব্যাখ্যা কৰা হৈছে।[১] যি কথাত উচিত পাত্র পাবলৈ নাই তাতে বােধিসত্ত্বৰ কথাৰ লগত বিশেষ সম্বন্ধ নথকা কোনাে বনদেৱী বা আন কাৰােবাৰ ৰূপ দি কিবা প্ৰকাৰে তেওঁৰ লগত সম্পর্ক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সি যিয়েই নহওক ইয়াত গৌতমৰ জন্মৰ পৰা তেওঁৰ বুদ্ধত্ব প্রাপ্তিলৈকে তেওঁক বােধিসত্ত্ব নামেৰে উল্লেখ কৰা হব ; তেওঁৰ পূৰ্ব্বজন্মৰ লগত এই বিশেষণৰ সম্বন্ধ দেখুৱাটো ইয়াত অভিপ্রেত নহয়।
বােধিসত্ত্বৰ কুল- বােধিসত্ত্বৰ কুল আৰু বাল্যাৱস্থা সম্বন্ধে ‘ত্রিপিটক’ত তেনেই কম উল্লেখ পােৱা যায়। প্রসঙ্গক্রমে উপদেশ দিয়া সুত্তবােৰতহে সেই সম্পর্কে বর্ণনা পােৱা যায়। সেই সম্বন্ধে অটুঠ-কথাত দিয়া বর্ণনা আৰু ত্রিপিটকৰ বৰ্ণনাবােৰৰ মাজতো কেতিয়াবা কেতিয়াবা মিল দেখা নাযায়। গতিকে পৰম্পৰবিৰােধী বর্ণনাবােৰ বাছি উলিয়াই তাক ভালদৰে জুকিয়াই চাই তাৰপৰা সাৰমৰ্ম্ম বাহিৰ কৰিব লাগিব।
- ↑ চাওক, 'বৌদ্ধ সংঘাচা পৰিচয়', পৃষ্ঠা ১৫৪