পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৌতম বোধিসত্ত্ব
৭৯
 

 ‘মঝ্‌ঝিম নিকায়’ৰ চুলদুক্‌খক্‌খন্ধ সুত্তৰ অট্‌ঠ কথাত গৌতমৰ পৰিয়াল সম্বন্ধে এই বুলি উল্লেখ কৰা হৈছে—
 ‘শুদ্ধোদন, শুল্কোদন, শাক্যোদন,ধোতোদন আৰু অমিতোদন—এই পাঁচজন ভাই ককাই আছিল। অমিতা দেৱী আহিল তেওঁলোকৰ ভনীয়েক। তিষ্যস্থৱিৰ আছিল তেওঁৰ লৰা। তথাগত আৰু নন্দ শুদ্ধোদনৰ লৰা আছিল। মহানাম আৰু অনিৰুদ্ধ শুল্কোদনৰ আৰু আনন্দস্থৱিৰ অমিতোদনৰ পুতেক আছিল। তেওঁ ভগৱানতকৈ সৰু আৰু মহানামতকৈ ডাঙৰ আছিল।'
 ইয়াত দিয়া অনুক্ৰম মতে অমিতোদনকে আটাই কেইজন ভাই ককাইৰ ভিতৰত সৰু যেন লাগে। গতিকে তেওঁৰ লৰা আনন্দ ভগৱানতকৈ বয়সত সৰু বুলি ঠিকেই কোৱা হৈছে। কিন্তু মনোৰথ- পূৰণী অট্‌ঠ কথাত অনিৰুদ্ধৰ বিষয়ে লিখাৰ সময়ত ‘অমিতোদনসক্কস গেহে পটিসন্ধিং গণ্‌হি’ (অমিতোদনে শাক্যসকলৰ ঘৰত জন্ম ললে) বুলি উল্লেখ কৰা হৈছে! একেজন বুদ্ধঘোষাচাৰ্য্যই লিখা এই দুয়োটা অট্‌ঠ কথাৰ ভিতৰত বৰ্ণনাৰ এনে প্ৰভেদ দেখা যায়। প্ৰথম অট্‌ঠ কথাত আনন্দক অমিতোদনৰ আৰু দ্বিতীয় অট্‌ঠ কথাত অনিৰুদ্ধক তেওঁৰ পুতেক বুলি বৰ্ণনা কৰা হৈছে। গতিকে শুক্লোদন আদি নাম কাল্পনিক বুলিহে সন্দেহ হয়।
 বোধিসত্ত্বৰ জন্ম-স্থান—'সুত্তনিপাত'ৰ উল্লিখিত উদ্ধতিত কোৱা হৈছে যে লুম্বিনী জনপদত বুদ্ধৰ জন্ম হৈছিল। আজি-কালিও এই ঠাইক লুম্বিনী দেৱী বোলা হয় আৰু তাৰে মাটিতে পুটি থোৱা এটা অশোকৰ শিলাস্তম্ভও পোৱা গৈছে; এই স্তম্ভত ‘লুংমিনিগামে উবালিকে কতে’—বুলি খোদিত কৰা আছে। ইয়াৰ পৰা স্পষ্টভাৱে প্ৰমাণ পোৱা

যায় যে লুম্বিনী গাৱঁতে বোধিসত্ত্বৰ জন্ম হৈছিল।