পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৌতম বোধিসত্ত্ব

গৌতমৰ জন্ম-তিথি

 গৌতমৰ জন্মতিথি সম্বন্ধে আধুনিক পণ্ডিতসকলৰ মাজত ভালেমান মতভেদ দেখা যায়। দেৱান বাহাদুৰ স্বামীকন্নু পিল্লেৰ মতে বুদ্ধৰ পৰিনিৰ্ব্বাণ হৈছিল খৃষ্ট-পূৰ্ব্ব ৪৭৮ চনত। আন আন কেইজনমান পণ্ডিতৰ মতে হৈছিল খৃষ্ট-পূৰ্ব্ব ৪৮৬-৮৭ চনত। কিন্তু আজি-কালি‌ নতুনকৈ চলোৱা অনুসন্ধান মতে ‘মহাৱংস’ত আৰু ‘দীপৱংস’ত দিয়া‌ বুদ্ধৰ পৰিনিৰ্ব্বাণৰ তিথিয়ে ঠিক বুলি বিশ্বাস হয়।[১] এই পুথি দুখনৰ দ্বাৰা প্ৰমাণ হয় যে খৃষ্ট-পূৰ্ব্ব ৫৪৩ চনত বুদ্ধৰ পৰিনিৰ্ব্বাণ হৈছিল। যদি এই তিথি মানি লোৱা যায় তেন্তে খৃষ্ট-পুৰ্ব্ব ৬২৩ চনত বুদ্ধৰ জন্ম হোৱা বুলি কব লাগিব।


 বোধিসত্ত্ব-গৌতম বুদ্ধৰ জন্মৰ পৰা তেওঁৰ বুদ্ধত্ব প্ৰাপ্তিলৈকে তেওঁক বোধিসত্ত্ব বোলাৰ প্ৰথাটো অতি প্ৰাচীন। পালি সাহিত্যৰ আটাইতকৈ পুৰণি হল ‘সুত্তনিপাত’। তাত এই বুলি কোৱা হৈছেঃ

সো বোধিসত্তো ৰতনৱৰো অতুল্যো।
মনুসসলোকে হিতসুখায় জাতো।
সক্যানং গামে জনপদে লুম্বিনেয়্য।

অৰ্থাৎ, শ্ৰেষ্ঠ ৰত্নসদৃশ সেই বোধিসত্ত্বই লুম্বিনী জনপদৰ শাক্যসকলৰ গাঁৱত মানুহৰ হিতৰ কাৰণে জন্ম গ্ৰহণ কৰিলে।

  1. The Early History of India, by V. A. Smith (Oxford, 1924)
    pp. 49-50