পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ভগৱান বুদ্ধ
 

 ইয়াৰ দ্বাৰা স্পষ্টভাবে দেখা যায় যে এই ঋষিসকলৰ মনত শ্ৰমণ- সংস্কৃতিয়ে সম্পূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল, কিন্তু ব্যৱহাৰত প্ৰকাশ্য ভাৱে সেই তত্ত্বৰ প্ৰতিপাদন কৰিবলৈ তেওঁলোকে চেষ্টা কৰা নাই আৰু সেই কাৰণেই এনেধৰণৰ ৰূপাত্মক ভাষাৰ প্ৰয়োগ কৰিছে।
 উপনিষদৰ ঋষিসকলেও জাতি-ভেদ নামানিছিল—প্ৰাচীন ঋষি-মুনি, শ্ৰমণ আৰু উপনিষদৰ ঋষিসকলৰ মাজত এটা বিষয়ত একমত আছিল—তেওঁলোকৰ কোনেও জাতিভেদ নামানিছিল। মাতঙ্গ ঋষিৰ কথা আগতে কৈ অহা হৈছে। তাৰপৰা স্পষ্টভাৱে দেখা যায় যে ঋষি-মুনিসকলৰ মাজত জাতিভেদ নাছিল। শ্ৰমণ-সংঘততো জাতি- ভেদৰ কাৰণে সমুলি ঠাই নাছিল। তলত দিয়া কাহিনীৰ পৰা দেখা যাব যে উপনিষদৰ ঋষিসকলেও জাতি-ভেদক বৰ বেচি গুৰুত্ব নিদিছিল–
 সত্যকামে মাক জবালাক কলে, 'মা মই ব্ৰহ্মচৰ্য্য়ৰ আচৰণ কৰিবলৈ ইচ্ছা কৰোঁ। (জানিবলৈ ইচ্ছা কৰোঁ) মোক কোৱাচোন মোৰ গোত্ৰ কি।' তেতিয়া মাকে কলে, 'বাচা, সেই কথা ময়ো নাজানো। গাভৰু কালত মই ভালেমান পুৰুষৰ লগত আছিলোঁ (বহ্বহং চৰন্তী) আৰু তেতিয়াই তোমাৰ জন্ম হয়। গতিকে মই তোমাৰ গোত্ৰৰ কথা নাজানো। মোৰ নাম জবালা আৰু তোমাৰ নাম সত্যকাম। গতিকে তুমি নিজৰ নাম “সত্যকাম-জাবাল” বুলি কবা।' তেওঁ (সত্যকামে) হাৰিদ্ৰুমত গৌতমৰ আগত কলে, ব্ৰহ্মজ্ঞান শিকাৰ উদ্দেশ্যে মই আপোনাৰ ওচৰলৈ আহিছোঁ।'
 গৌতমে সুধিলে, “তোমাৰ গোত্ৰ কি?'
 সত্যকামে কলে, ‘তাক মই নাজানো। মই মাক সোধাত তেওঁ কলে-“যুৱতী কালত অনেক পুৰুষৰ লগত মোৰ সম্বন্ধ হোৱা হেতুকে তোমাৰ গোত্ৰৰ কথা কব নোৱাৰোঁ। গতিকে তুমি নিজৰ নাম সত্যকাম-জাবাল বুলি কবা।”'