পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৬৯
 


 গৌতমে কলে, ‘তুমি সত্যচ্যুত নোহোৱা। অব্ৰাহ্মণৰ পক্ষে ই সম্ভৱ নহয়। গতিকে সমিধ আনা, মই তোমাৰ উপনয়ন কৰোঁ।
 এই বুলি কৈ ঋষিয়ে তেওঁৰ উপনয়ন কৰিলে।[৬]

গুপ্তসকলৰ শাসন কালৰ পৰা জাতি-ভেদৰ বৃদ্ধি

 উপনিষদৰ ঋষিসকলে জাতি-ভেদ মানিলেও, তেওঁলোকে জাতিতকৈ সত্যকহে অধিক সন্মান কৰিছিল; সত্যকামৰ কাহিনীৰ পৰাই সেই কথাৰ প্ৰমাণ পোৱা যায়। কিন্তু সেই উপনিষদৰে সমন্বয় কৰিবলৈ চেষ্টা কৰা বাদৰায়ণ ব্যাস আৰু ভাষ্যকাৰ শঙ্কৰাচাৰ্য্যই জাতি-ভেদৰ কিদৰে ঢোল কোবাইছে :
 শ্ৰৱণাধ্যয়নাৰ্থ প্ৰতিষেধাৎস্মৃতেশ্চ।
 ইতশ্চ ন শূদ্ৰস্যাধিকাৰঃ। যদস্য স্মৃতেঃ শ্ৰৱণাধ্যয়নাৰ্থ প্ৰতিষেধো ভৱতি। ৱেদ শ্ৰৱণ প্ৰতিষেধো ৱেদধ্যায়ন প্ৰতিষেধস্তদৰ্থ জ্ঞানানুষ্ঠান- য়োশ্চ প্ৰতিষেধঃ শূদ্ৰস্য স্মৰ্যতে। শ্ৰৱণ প্ৰতিষেধস্তাৱৎ “অথাস্য ৱেদমুপ- শৃন্বতস্ত্ৰপুজতুম্যাং শ্ৰোত্ৰপ্ৰপুৰণম্‌” ইতি। “পদ্যুহ ৱা এতৎ শ্মশানং যচ্ছূুদ্ৰস্তস্মাচ্ছূুদ্ৰসমীপে নাধ্যেতৱম্” ইতি চ। অতএৱাধ্যয়ন প্ৰতিষেধঃ। যস্য হি সমীপেহসি নাধ্যতৱ্য ভৱতি, স কথমশ্ৰুতমধীয়ীত। ভৱতি চ ৱেদোচ্চাৰণে জিহ্বাচ্ছেদো ধাৰণে শৰীৰ ভেদ ইতি। অতএৱ চাৰ্থাদৰ্থজ্ঞানানুষ্ঠানয়ো প্ৰতিষেধো ভৱতি “ন শূদ্ৰায় মতিং দদ্যাৎ” ইতি।[৭]
 অৰ্থাৎ ‘আৰু এই কাৰণে শূদ্ৰৰ (ব্ৰহ্মজ্ঞানৰ) অধিকাৰ নাই যিহেতু স্মৃতিয়ে শূদ্ৰক বেদ শুনিবলৈ আৰু অধ্যয়ন কৰিবলৈ নিষেধ


(৬)^ (৬)'ছান্দোগ্য উপনিষদ ৪।৪
(৭)^ (৭)'ব্ৰহ্মসূত্ৰ শাঙ্কৰ ভাষ্য' অ, ১।৩।৩৮