পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৬৭
 

আগতে একোৱেই নাছিল। মৃত্যুৱে সকলোকে ঢাকি ৰাখিছিল। কেনেকৈ? খোৱাৰ ইচ্ছাৰে, কিয়নো খোৱাৰ ইচ্ছাকে মৃত্যু কোৱা হয়। তেওঁৰ এনে লাগিল যে আত্মৱান হোৱা যাওক•••। সেই মৃত্যুৰ এনে কামনা হল যে বিৰাট যজ্ঞত আকৌ যজন কৰোঁ। এনে কামনা কৰি শ্ৰান্ত হৈ তেওঁ তপ কৰিবলৈ ধৰিলে; সেই শক্তি আৰু তপৰ দ্বাৰা তপ্ত মৃত্যুৰ পৰা যজ্ঞ আৰু বীৰ্য্যৰ উৎপত্তি হল। প্ৰাণেই যশ আৰু সেয়ে বীৰ্য্য। এনেদৰে সেই প্ৰাণে শৰীৰ এৰি গুচি যোত প্ৰজাপতিৰ শৰীৰ ফুলি গল। তথাপি তেওঁৰ মন সেই শৰীৰৰ ওপৰত আছিল। তেওঁ এই বুলি কামনা কৰিলে--“মোৰ এই শৰীৰ মেধ্য (যজ্ঞিয়) হৈ যাওক আৰু তাৰপৰা মই আত্মৱান (আত্মস্বী) হৈ যাওঁ।” কিয়নো মোৰবিয়োগৰ ফলত শৰীৰ যশ আৰু বীৰ্য্য-ৰহিত হৈছে, ফুলি গৈছে, গতিকে সি অশ্ব (ফুলি উঠা) হৈ গৈছে। আৰু ই মেধ্য হোৱা হেতুকে সিয়ে অশ্বমেধৰ অশ্বমেধ্যত্ব। যিয়ে এনেভাৱে অশ্বক জানে সিয়ে অশ্বমেধকো জানে।
 ইয়াত অশ্বমেধৰ মাধ্যমেৰে তপশ্চৰ্য্যা-প্ৰধান, অহিংসা-ধৰ্ম্মৰ তত্ত্ব বুজাবলৈ চেষ্টা কৰা দেখা গৈছে। খোৱাৰ ইচ্ছাই মৃত্যু। সি আত্মৱান হল বা ব্যক্তিত্ব প্ৰাপ্ত হল আৰু ক্ৰমে তেওঁৰ যজ্ঞৰ ইচ্ছা জন্মিল। সেই ইচ্ছাৰ পৰা যশ আৰু বীৰ্য্য এই দুটা গুণৰ উৎপত্তি হল, সিয়ে প্ৰকৃত প্ৰাণ। যদিহে সিহঁত গুচি যায় তেন্তে শৰীৰ পূৰ হৈ ফুলি যোৱাৰ নিচিনা (অশ্বায়িত) হোৱা বুলি ধৰি লব লাগিব। তাক তেতিয়া জ্বলাই দিয়াৰহে যোগ্য। যিয়ে এই তত্ত্ব জানে, সিয়ে অশ্বমেধকো জানে।
 ‘ছান্দোগ্য উপনিষদ’ত (৫।৪) প্ৰৱাহণ জৈৱলিয়ে অৰুণৰ পুত্ৰৰ আগত কয়, 'হে গৌতম, দ্যুলোক হল অগ্নি। আদিত্যই তেওঁৰ সমিধা, কিৰণেই ধোৱা, দিৱসেই জ্বালা, চন্দ্ৰমাই এজাৰ আৰু নক্ষত্ৰই হল তেওঁৰ ফিৰিঙতি।'