পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[  ১০  ]

বাদৰ প্ৰযোগ দেখিবলৈ পায়। নিজৰ তত্ত্বনিষ্ঠ দৃষ্টিৰে তেওঁ সাম্যবাদৰ দোষ-গুণ ভালদৰে চাই লয়।

 ‘বহুজন হিতায, বহুজন সুখায়’ যি অৱতাৰৰ অভিপ্ৰায় আছিল, সেই বুদ্ধ ভগৱানৰ ভক্তৰ পক্ষে স্বৰাজ আন্দোলনৰ পৰা আঁতৰি থকাটো অসম্ভৱ আছিল। ১৯৩০ চনত তেওঁ ৰাছিয়াৰ পৰা উভতি অহাৰ সময়ত ভাৰতত স্বাধীনতা আন্দোলন পূৰ্ণোদ্যমে চলিছিল। ধৰ্ম্মানন্দজীয়ে তাত বিশেষ উৎসাহেৰে যোগদান কৰে। লোণ সত্যাগ্ৰহত যোগদান কৰি তেওঁ স্বয়ংসেৱক সংগঠনৰ ভাৰ লয় আৰু কাৰাবাসৰৰ অভিজ্ঞতা লাভ কৰে। ইয়াৰ পিচত তেওঁ চতুৰ্থবাৰৰ কাৰণে আমেৰিকালৈ যায়। তাৰ পৰা উভতি আহি বাৰাণসীত থাকিবলৈ লয় আৰু তাতে ‘হিন্দী সংস্কৃতি আণি অহিংসা’ নামৰ পুথিখন লিখে। ধৰ্ম্ম-চিন্তন আৰু ধৰ্ম্ম- চৰ্চাৰ ফল স্বৰূপে ভাৰতীয় ইতিহাস আৰু সংস্কৃতি সম্বন্ধে তেওঁ যিবোৰ সিদ্ধান্তত উপনীত হব পাৰিছিল, সেইবোৰ এই পুথিত নিৰ্ভীক আৰু স্পষ্টভাৱে ব্যক্ত কৰিছে। স্বাভাৱিকতে তেওঁৰ নিৰ্ণয়বোৰ কিছু বিবাদমূলক।

 ইয়াৰ পিচত বোম্বাইলৈ গৈ তেওঁ বনুৱাসকলৰ মাজত এখন আশ্ৰম পাতি থাকিবলৈ লয়। তেওঁৰ সেই বহুজন-বিহাৰত এতিয়াও ভালেমান পৰদেশী বৌদ্ধ সাধুৱে আশ্ৰয় লয।

 বোম্বাইৰ কাম এৰি ধৰ্ম্মানন্দজী সাৰনাথত থাকেগৈ আৰু তাত জগদীশ কাশ্যপৰ নিচিনা বিখ্যাত পণ্ডিতক যথেষ্ট সাহায্য কৰে।

 জৈনধৰ্ম্মৰ ২৩শ তীৰ্থঙ্কৰ পাৰ্থনাথৰ চাতুৰ্যাম ধৰ্ম্মই তেওঁৰ মনত গভীৰ ৰেখাপাত কৰে। তাতে তেওঁ আধ্যাত্মিক সমাজবাদ দেখিবলৈ পায়। তেওঁ এই চাতুৰ্যাম-ধৰ্ম্ম সম্বন্ধে এখন সৰু পুথিও ৰচনা কৰে; তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিচত 'ধৰ্ম্মানন্দ-স্মাৰক ট্ৰাষ্ট'ৰ তৰফৰ পৰা পুথিখন প্ৰকাশ কৰা হয়।