পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১ ]

 পাৰ্শ্বনাথৰ ধৰ্ম্মোপদেশে তেওঁৰ ওপৰত এনে গভীৰ প্ৰভাৱ বিস্তাৰ কৰে যে তেওঁ নিজেও মানি ললে “শৰীৰ ক্ষীণ হৈ আপোনা-আপুনি বাগৰি নপৰালৈকে নিজৰ মৃত্যুলৈ বাট চাই থকাটো মানুহৰ পক্ষে শোভা নাপায়। শৰীৰৰ উপযোগিতা থকালৈকে তাক চলাই থাকি লাগে। যেতিয়া শৰীৰৰ দ্বাৰা বিশেষ সেৱা লাভৰ সম্ভাৱনা নাথাকে তেতিয়া মানুহে খোৱা-বোৱা এৰি দি নিজেই এই শৰীৰ-এই চোলাটো –পেলাই দিয়া উচিত।”

 পাৰ্শ্বনাথৰ এই জীৱন-দৃষ্টি কোসম্বীজীৰ এনেদৰে মনত বহি গৈছিল যে তেওঁ নিজৰ শৰীৰ-ত্যাগৰ কাৰণে প্ৰায়োপৱেশন আৰম্ভ কৰি দিছিল। কথাটো গান্ধীজীৰ কাণত পৰাত তেওঁ কোসম্বীজাক মানা কৰে। মহাত্মাজীৰ আজ্ঞা শিৰোধাৰ্য্য কৰি তেওঁ উপবাস ত্যাগ কৰিলে সঁচা, কিন্তু যি মানৱসহজ জীয়াই থকাৰ ইচ্ছা তেওঁ সফলতাৰে পিচৰ পিনে থেলি দিছিল, তাৰ আৰু পুনৰ প্ৰতিষ্ঠা নহল। তেওঁ কিছুদিন বাৰাণসীত থাকিল, তাৰ পিচত বোম্বাইলৈ গল আৰু শেহত গান্ধীজীৰ সেৱাগ্ৰাম আশ্ৰমত থকাটোকে পচন্দ কৰিলে। তাতে ১৯৪৭ চনৰ ৫ জুনৰ দিনা তেওঁৰ দেহা ক্ষীণ হৈ পৰি গল।

 কোসম্বীজীৰ দেহাৱসানৰ বাতৰি পাই মহাত্মা গান্ধীয়ে দিল্লীৰ প্ৰাৰ্থনা সভাত এইদৰে কৈছিল, ‘আমি এনে হৈ পৰিছে যে নিজৰ কামৰ বৰাই কৰি ঢোল পিটি ফুৰোহঁক, আৰু ৰাজকাৰ্য্যত ওখ আসন পোৱা সকলকতো আমি আকাশলৈ তুলি দিওঁহক। কিন্তু নীৰৱ কৰ্ম্মীসকলক কোনেও গ্ৰাহ্য নকৰে। কোসম্বীজী তেনে এগৰাকী নীৰৱ কৰ্ম্মী আছিল'।

 গান্ধীজীয়ে ধৰ্ম্মানন্দজীৰ সোঁৱৰণি ৰক্ষাৰ বাবে এখন আঁচনি যুগুত কৰিবলৈ আদেশ দিয়ে, বৌদ্ধধৰ্ম্ম আৰু সাহিত্যৰ শ্ৰদ্ধাপূৰ্ণ অধ্যয়নৰ কাৰণে ভালেমান বিদ্যাৰ্থীক লঙ্কালৈ পঠোৱাৰ দিহা কৰায় আৰু