পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[  ]

পূণালৈ গৈ ডাঃ ভাণ্ডাৰকৰ সাহায্যক্ৰমে বোম্বাই বিশ্ববিদ্যালয়ত ধৰ্ম্মানন্দজীয়ে পালি ভাষা অধ্যয়নৰ বাবে ঠাই কৰি দিয়ায়।

 এই সময়তে আমেৰিকাৰ হাৰ্‌ৱাৰ্ড বিশ্ববিদ্যালয়ৰ জ্ঞাঃ জেমস্‌ বুডচ্‌, ভাৰতলৈ আহে। হাৰ্‌ৱাৰ্ড বিশ্ববিদ্যালয়ত কোনো যোগ্য পালি- পণ্ডিতৰ হতুৱাই ‘ৱিসুদ্ধিমগ্‌গ'ৰ নিচিনা জটিল পুথিখল সম্পাদন কৰাবলৈ তেওঁৰ একান্ত ইচ্ছা আহিল। অধ্যাপক বুড্‌চৰ আগ্ৰহক্ৰমে ৰমানন্দজী আমেৰিকালৈ যায়। তাত কিছুমান অসুবিধাৰ কাৰণে তেওঁ সেই কাম এৰি দিয়ে আৰু সসম্মানে স্বদেশলৈ উভতি আহে। ভাৰতলৈ আহি তেওঁ ফৰ্ণ্ড্যশ্যন কলেজত পালি পঢ়োৱা কাম লয় আৰু বছা বছা বিদ্যাৰ্থীসকলক পালি সাহিত্যত পাৰ্গত কৰি তোলে। বিছ বছৰৰ পিচত তেওঁ আকৌ আমেৰিকালৈ যায় আৰু ‘ৱিসুদ্ধিমগ্‌গ'ৰ কাম সম্পূৰ্ণ কৰে।

 ভাৰতৰ কলিকতা, বড়োদা, আহমদাবাদ, পুণা, বাৰাণসী আদি ঠাইত থাকি তেওঁ ভালেমান ছাত্ৰৰ অধ্যাপনা কৰে আৰু আজি কালি তেওঁৰ সেই ছাত্ৰসকলে পালি সাহিত্যত সুপণ্ডিত বুলি খ্যাতি লাভ কৰিছে। মহাত্ম গান্ধীৰ গুজৰাত বিদ্যাপীঠে মতাত তেওঁ তালে যায় আৰু তাত কেবাখনো পুথি ৰচনা কৰে। গুজৰাত বিদ্যাপীঠতে তেওঁ পণ্ডিত সুখলালজী, মুনি জিনৱিজয়জী, বেচৰদাসজী আৰু ৰসিকলাল পৰীখ আদি জৈন বিধানসকলৰ লগত সহযোগিতা কৰি জৈন আৰু বৌদ্ধ-সাহিত্যৰ তুলনাত্মক অনুশীলন চলোৱাত অতিশয় সাহায্য কৰে।

 ১৯৪৯ চনত পালি ভাষাৰ ৰুছ পণ্ডিত অধ্যাপক শ্বেৰবেট্‌স্কীৰ আমন্ত্ৰণক্ৰমে তেওঁ ৰাছিয়ালৈ যায়।

 ধৰ্ম্মানন্দজী আমেৰিকাত থাকোঁ‌তে পঞ্জাৱৰ বিপ্লৱী নেতা ললা হৰদয়ালৰ লগত তেওঁৰ বিশেষ পৰিচয় হয় আৰু তেওঁ‌ৰ বিচাৰধাৰা সমাজবাদৰ পিনলৈ ঢাল খায়। ৰাছিয়াত তেওঁ প্ৰত্যক্ষভাৱে সাম্য-