সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ভক্তি-ৰত্নাৱলী

ভাগৱত-শাস্ত্ৰ চাহি পূৰ্ব্বাপৰ
 ঈশ্বৰ বাক্য প্ৰমাণি।
কহিলো ভকতি ধৰিয়ো সম্প্ৰতি
 এহি সত্য হেন জানি॥
শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী-
 নন্দন আনন্দ সিন্ধু।
তাঁহাৰ চৰণ পঙ্কজৰ যিটো,
 কৃপা মকৰন্দ বিন্দু॥২৯২॥
তাহাৰ প্ৰসাদে মোহোৰ পৰম
 বিবেক বাঢ়িল আসি।
সেহি মই বিষ্ণু- পুৰি ত্ৰিহুতীয়া,
 পৰমহংস সন্ন্যাসী॥
ভক্তি-ৰত্নাৱলী কৰিলো গ্ৰন্থন,
 যেন লৈল মোৰ মতি।
তাহাৰ প্ৰথম বিৰচন কথা,
 এহি মানে সমাপতি॥২৯৩॥
দুৰ্ঘোৰ সংসাৰ সাগৰ নিকাৰ,
 তৰিবাক ইচ্ছা যাৰ।
কেৱল কৃষ্ণৰ চৰণ পঙ্কজে,
 ভকতিক কৰা সাৰ॥
এতেকে বৈকুণ্ঠ সহিতে ভকতি,
 আনন্দ লভিবা সুখে।