এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
দ্বিতীয় বিৰচন
ধৰা গুণ নাম ত্যজি আন কাম,
ৰাম ৰাম বোলা মুখে॥২৯৪॥
⸻
দ্বিতীয় সৎসঙ্গ-বিৰচন
পদ
পূৰ্ব্ব বিৰচনত ভকতি কৰি সাৰ।
আৰম্ভিলোঁ মই বিৰচন আৰোবাৰ॥
ভকতিৰ হেতু নিৰূপণৰ নিমিত্তে।
জানি সভাসদ শুনিয়োক একচিত্তে॥২৯৫॥
শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু।
তাঁহান পৰম কৃপা ৰস কল্পতৰু॥
তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধান।
ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান॥২৯৬॥
এহি পৰমাৰ্থ দেখাইবাক প্ৰথমত।
আৰম্ভিলোঁ কপিলৰ বাক্য অভিমত॥