সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
প্ৰথম বিৰচন

হোক উদাসীন হোক বা গৃহস্থ
 দু-হানো হোক নিশ্চয়॥
প্ৰকৃতিত পৰ ম‍ই মহেশ্বৰ,
 নাহি আন মোত পৰে।
মোতে মাত্ৰ সম ভাবে যিটো নৰে,
 একান্ত ভকতি কৰে॥২৮৯॥
বিধি নিষেধৰ যত গুণ দোষ,
 নোছোৱে কহিলে৷ নিষ্ঠ।
যিহেতু একান্ত ভকত জনৰ,
 মই ভৈলো মহ৷ ইষ্ট॥
প্ৰকৰণ অৰ্থ উপসংহৰিয়া,
 শুনিয়ো কহো তোমাত।
দিলো উপদেশ পন্থ যিটো ইটো,
 প্ৰবৰ্ত্তে আত সাক্ষাত॥২৯০॥
নিৰ্গুণ পুৰুষ যিটো পৰমব্ৰহ্ম,
 জানিব সুলভে মোক।
কালৰ মায়াৰ বিক্ৰম ৰহিত,
 পাইব সুখে মোৰ লোক॥
শুনা বুদ্ধজন কৰি স্থিৰ মন,
 কহিল যেন ঈশ্বৰে।
সকলে শাস্ত্ৰৰ এহি মানে সাৰ
 নাহি আৰ আত পৰে॥১৯১॥