এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
সপ্তম বিৰচন
তেবে বিষয়ত তাৰ বৈৰাগ্য মিলয়।
নিৰ্ম্মল মনত হোৱে জ্ঞানৰ উদয়॥৯৯১॥
হৃদয়তে ঈশ্বৰকো সাক্ষাতে দেখয়।
তৰে সুখে দুৰ্ঘোৰ সংসাৰ দুঃখময়।
কহিলোহো ইসব যতেক ফলচয়।
হৰি পদে সেৱা মাত্ৰে সবে উপজয়॥৯৯২॥
অন্যথা প্ৰকাৰে জ্ঞান আদি নপাৱয়।
বুলিবাহা কৰ্ম্মে চিত্ত পৱিত্ৰ কৰয়॥
ইহাৰ উত্তৰ শুনিয়োক যেন মত।
কৃষ্ণ পাদপদ্ম মকৰন্দ ৰস যত॥৯৯৩॥
তাক পান কৰে যত ভকত ভ্ৰমৰে।
দুঃখ প্ৰদ গৃহ সুখে ৰমণ নকৰে॥
আন যত কৰ্ম্মী মহা কামে হৈয়া মত্ত।
সদায় আসক্ত মাত্ৰ গৃহৰ সুখত॥৯৯৪॥
কৰ্ম্ম কৰি কৰিবাক খোজে মন শুদ্ধি।
নুগুচয় অধিকে মলিন হোৱে বুদ্ধি।
এতেকেসে কৃষ্ণ পদ সেৱা শ্ৰেষ্ঠতৰ।
শ্ৰদ্ধা মাত্ৰকতে মল গুচয় চিত্তৰ॥৯৯৫॥
এহি অৰ্থে কৰো স্পষ্ট ব্ৰহ্মাৰ বাক্যত।
বোলন্ত কৃষ্ণক স্তুতি হৈয়া অৱনত॥
শুনিয়োক কৃষ্ণ কৃপাময় মহেশ্বৰ।
আনে আনে ভাগ লৱে তযু প্ৰসাদৰ॥৯৯৬॥