সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
ভক্তি-ৰত্নাৱলী

মই পুনু নোখোজোহো মোক্ষ আদি যত।
এহি ব্ৰহ্ম শৰীৰে বা ত্ৰিজগ মধ্যত॥
হুয়া কোনো জন তযু ভক্তৰ মাজত।
তোমাৰ চৰণ সেৱা কৰিবো সতত॥৯৯৭॥
ব্ৰহ্মাৰ বচন থৈলো সংহৰি সকল।
কহো পুনু হৰিপদ সেৱিবাৰ ফল॥
ৰাজাৰ আগত শুকে বোলন্ত বচন।
সংহৰিয়া কহো ব্ৰহ্মস্তুতি প্ৰকৰণ॥৯৯৮॥
কৃষ্ণেসে পৰম দেৱ জানি যিটো মনে।
তাহান চৰণে মাত্ৰ পশিয়া শৰণে।
তানে পদ পল্লৱক নৌকা কৰি সাৰ।
বৎস পদ সমকৰি তৰয় সংসাৰ॥৯৯৯॥
পাৱে চতুৰ্ভুজ ৰূপ কৃষ্ণৰ সমান
পৰস্পদ বৈকুণ্ঠত হোৱে তাৰ স্থান॥
আপদৰ স্থান ইটো দুৰ্ঘোৰ সংসাৰ।
আৰু প্ৰতি সিটো পুনৰপি নাসে আৰ॥১০০০॥
শুকদেৱ বচনক সংহৰিয়া থৈলো।
হৰিৰ সেৱাৰ যেন ফল তাক কৈলো॥
নকৰয় সেৱা কৃষ্ণ পদ-পঙ্কজত।
দেখাওঁ তাৰ ফল মুচুকুন্দ বচনত॥১০০১॥
বোলন্ত নৃপতি কৃষ্ণদেৱৰ আগত।
দুৰ্ল্লভ মনুষ্য তনু পায়া ভাৰতত॥