সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯০
ভক্তি-ৰত্নাৱলী

এতেকে জানিবা সিটো, মহা মহা পাতকৰ,
 প্ৰায়শ্চিত্ত কৰিল নিঃশেষ॥৮৮৬॥
যম যম-কিঙ্কৰক, স্বপ্নতো নেদেখে আৰ,
 পাইলে পাৰ ইটো সংসাৰৰ।
যি পুনু স্বভাৱে মন, দিয়া চিত্তে অনুক্ষণ,
 সমস্ত অঙ্গকে মাধৱৰ॥
তাহাৰ মহিমা আৰ, কহিয়া নপাওঁ পাৰ,
 ভৈল সিটো বল্লভ কৃষ্ণৰ।
নাৰদৰ আগে ব্ৰহ্মা, কহিলন্ত আৰো যেন,
 শুনা ফলান্তৰ স্মৰণৰ॥৮৮৭॥
বোলন্ত নাৰদ মোৰ বচনত দিয়া চিত্ত,
 কহো মই তোমাত সাক্ষাত।
যেহেতু আনন্দময়, প্ৰেমৰসে যুক্ত হৈয়া,
 ঈশ্বৰক চিন্তিলো হিয়াত॥
তাতেসে মোহোৰ ইটো, মন বাক্য শৰীৰৰ,
 নোহে মিছা ব্যাপাৰ সকল।
মোহোৰ প্ৰভাৱ নুহি, জানিবা নিশ্চয় তুমি,
 কিন্তু হৰি স্মৰণৰ ফল॥৮৮৮॥
এহি হেতু ভগৱন্ত, স্মৰণেসে মহা লাভ,
 নাহি আৰ আন সংসাৰত।
সাংখ্য অষ্টাঙ্গ যোগ, জন্মৰ এহিসে ফল,
 কহিলোহো ইটো স্বৰূপত॥