সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
ষষ্ঠ বিৰচন

অন্তকালে নাৰয়ণ, স্মৰে যিটো মহাজন,
 তাৰ কোনে কহিবে মহিমা।
নাহি লাভ তাত পৰ, কৃতকৃত্য সিটো নৰ,
 এহি মানে মুকুতিৰো সীমা॥৮৮৯॥
কহো আৰ স্পষ্ট কৰি, পুনৰপি শুক বাক্য,
 বোলন্ত শুনিয়ো পৰীক্ষিত।
স্মৰণৰ মহিমাক, জানি কেশৱক ৰাজা,
 কৰিয়োক আনি হৃদি স্থিত॥
তেবে মৃত্যু সময়ত, হৈব সাৱধান চিত্ত,
 ত্যজি ইটো মায়াময় তনু।
স্মৰণৰ প্ৰভাৱত, দহি কৰ্ম্ম-মল যত,
 পৰম গতিক পাইবা পুনু॥৮৯০॥
ম্ৰিয়মাণ সময়ত, যাহাৰ স্মৰণ ভৈল,
 ভগৱন্ত পৰম ঈশ্বৰ।
আত্ম ৰূপ দেন্ত তাক, যেহেতু স্মৰণ সিটো,
 ভৈল অতি সমস্ত লোকৰ॥
বুলিবাহা জ্ঞান বিনে, স্মৰণ মাত্ৰকে কেনে,
 পাইব নিজ স্বৰূপ কৃষ্ণৰ।
সত্য ইটো প্ৰশ্ন শুনা, ইহাৰ উত্তৰ যেন,
 জ্ঞানও অধীন স্মৰণৰ॥৮৯১॥
কৃষ্ণ পদ পঙ্কজক, সদায়ে সুমৰে যিটো,
 হোৱে নষ্ট তাৰ পাপ যত।