সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
ষষ্ঠ বিৰচন

হেন কৃষ্ণ চৰণত, মন অৰ্পি অনুৰাগে,
 তাহাঙ্ক সুমৰা অনুক্ষণ।
যাগ যোগাদিৰো ফল, লভিলাহা তুমি সব,
 মহা ভাগ্যৱতী গোপীগণ॥
উদ্ধৱৰ বাক্য থওঁ, এহি অৰ্থ স্পষ্ট কওঁ,
 ভগৱন্ত কৃষ্ণৰ বচনে।
শুনিয়ো উদ্ধৰ এহি- মানে মাত্ৰ যোগ কহি,
 আছে সনকাদি ঋষিগণে॥৮৮৪॥
আন বিষয়ৰ চিন্তা, এৰিয়া সাক্ষাতে যিটো
 মোতে মাত্ৰ অৰ্পিলেক মন।
গুচিল চিত্তৰ মন, পাইলেক সমস্ত ফল,
 ভৈল কৃতকৃত্য সিটোজন॥
এহি মানে মাধৱৰ, বচন সংহৰি থৈলো,
 শুনা সভাসদ নিৰন্তৰ।
কৃষ্ণ চৰণত মন, অৰ্পিবাৰ ফল যেন,
 কহো এবে বচনে শুকৰ॥৮৮৫॥
বোলন্ত শুনিয়ো মহা, পৰীক্ষিত নৃপবৰ,
 কৃষ্ণৰ অভয় চৰণত।
দিয়া কায় বাক্য মন, সুমৰয় অনুক্ষণ,
 কৈবো কিবা তাহাৰ মহত্ত্ব॥
চৰণৰ এক দেশে, ছলে বলে একবাৰ,
 কৰাইলেক মনক নিবেশ।