সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ : স্মৰণ বিৰচন

ছবি

হৰি কীৰ্ত্তনৰ যেন, কহিলো মহিমা তাক,
 শুনিলাহা সামাজিক জন।
শুনা হৰি স্মৰণৰ, মহিমা কহিবে প্ৰতি,
 আৰম্ভিলো পুনঃ বিৰচন॥
হৰি স্মৰণেসে যাৰ, কেৱল স্বভাৱ ভৈল,
 পৰম কৃতাৰ্থ সিসি অতি।
লৈয়োক ইহাৰ সাক্ষী, উদ্ধৱ মহন্তে যেন,
 বুলিলন্ত গোপিকাক মাতি॥৮৮২॥
শুনিয়োক গোপীগণ, যিহেতু অৰ্পিলা মন,
 ভগৱন্ত মাধৱৰ পাৱে।
এতেকেসে তুমি সব, লোকৰ পূজিত অতি,
 কৃতকৃত্য ভৈলাহা স্বভাৱে॥
পূৰুৱ জনমে যেৱে অনেক প্ৰয়াস কৰি,
 যাগ যোগ আচৰি থাকয়।
তেবে কদাচিত নৰে, কৃষ্ণ পদ-পঙ্কজত
 মন নিবেশাইবাক পাৰয়॥৮৮৩॥