সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
ভক্তি-ৰত্নাৱলী

প্ৰায়শ্চিত্ত বিধা- য়ক শাস্ত্ৰ তভোঁ,
 নকৰিল অপ্ৰমাণ॥
অদ্বৈত শ্ৰদ্ধালু, সবে যেন একো,
 যাগ আদি নাচৰন্ত।
তথাপিতো কৰ্ম্ম, বিধায়ক বেদ,
 অপ্ৰমাণ নকৰন্ত॥৭৯৪॥
সেহি মতে মহা- জনে অপ্ৰমাণ
 নকৰিলা প্ৰায়শ্চিত্ত।
অসম্ভাৱনাক, আদি কৰি যাৰ,
 পৰম মলিন চিত্ত॥
কদাচিতো হৰি, নাম নাসিবেক,
 সিটো মনুষ্যৰ মুখে।
অদ্বৈত জ্ঞানক, যেন কৰ্ম্মী নৰে,
 ৰাখিতে নপাৰে দুঃখে॥৭৯৫॥
আন প্ৰায়শ্চিত্ত, অপ্ৰমাণ দেখি,
 নকৰিব তাত ৰতি।
নাম কৰ্ম্ম দুইকো, এৰিয়া কেবলে,
 যাইবে সিটো অধোগতি॥
এতেকে অজ্ঞানী, মনুষ্যৰ পদে,
 প্ৰায়শ্চিত্ত ৰাখিলন্ত।
কৃষ্ণৰ নামক, নানাবিধ শাস্ত্ৰে,
 নিবন্ধি থৈয়া আছন্ত॥৭৯৬॥