সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
পঞ্চম বিৰচন

এহি মনে গুণি, মহাজন সবে,
 জানিয়া নাম নকৈল।
আন প্ৰায়শ্চিত্ত, বিহিয়া নামক,
 গুপুতে কৰিয়া থৈল॥৭৯১॥
মনু আদি কৰি, যত মহাজন,
 বেদ অৰ্থ বিচাৰক।
নামৰ মহিমা, জানি স্থানে স্থানে,
 স্থাপিয়া আছে নামক।
তথাপিতো অপ্ৰ- মাণ নকৰিলে,
 আন প্ৰায়শ্চিত্ত যত।
যেহেন বেদত, যাগ যোগ আদি,
 কহি আছে প্ৰথমত॥৭৯২॥
পাছত সমস্ত, কৰ্ম্মক মৰ্দ্দিয়া,
 অদ্বৈত জ্ঞান কহিল।
সেহি মতে আগে, প্ৰায়শ্চিত্ত কহি,
 পাছত নাম বিহিল॥
সকলে কৰ্ম্মক, আচৰিয়া নৰে,
 পাছত নাম সুমৰে।
হৰিৰ নামেসে, জানিবা নিশ্চয়,
 কৰ্ম্মকো সুসাঙ্গ কৰে॥৭৯৩॥
যদ্যাপি নামৰ, মহিমা শ্ৰদ্ধালু,
 নকৰয় কৰ্ম্ম আন।