সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
প্ঞ্চম বিৰচন

অনেক জন্মৰ, যিটো মহন্তৰ,
 পৰম পুণ্য আছয়।
স্বভাৱে নামক, বিচাৰি পাইবেক,
 সিটো সাধু মহাশয়॥
হেন জানি দূত, যিটো সাধু নৰে,
 কৃষ্ণত লৈয়া শৰণ।
ধৰ্ম্ম শিৰোমণি, কৃষ্ণৰ নামক,
 সদায় কৰে কীৰ্ত্তন॥৭৯৭॥
সিটো মহাজনে, চেতনে পাপত,
 নকৰিবে অভিলাষ।
যদি প্ৰমাদত, সিঝে কদাচিত,
 কীৰ্ত্তনে কৰিবে নাশ॥
পাপী হেন বুলি, তাহাৰ ওচৰ,
 নচাপিবি দূতগণ।
মোৰ দণ্ড যোগ্য, নুহিকে জানিবি,
 সিটো মহা সাধু জন॥৭৯৮॥
যমৰ বচন, থৈল এহি মানে,
 শুনা সামাজিক জন।
সমস্তে ধৰ্ম্মৰ, নামেসে ঈশ্বৰ,
 জানিয়া কৰা কীৰ্ত্তন॥
নমো নমো কৃষ্ণ, তোমাৰ অভয়,
 চৰণে লৈলো শৰণ।