সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
পঞ্চম বিৰচন

হৰিৰ নামৰ, পৰম মহিমা,
 দেখ দেখ দূত গণ।
বিপ্ৰ অজামিল, মৃত্যুকো তৰিল,
 উচ্চাৰিয়া নাৰায়ণ॥৭৮০॥
এতেকে জানিবি, সংসাৰত যত,
 আছে পুৰুষাৰ্থ চয়।
নাম-কীৰ্ত্তনেসে, নিৰপেক্ষ তাৰ,
 সাধন জান নিশ্চয়॥
নামৰ সম্যক, কীৰ্ত্তন নলাগে,
 পাপ ক্ষয় মাত্ৰকত।
কেৱল নামৰ, আভাষে কৰয়,
 সমূলঞ্চে পাপ হত॥৭৮১॥
মোহোৰ বাক্যত, নযাহ সঞ্জাত,
 সাক্ষাতে প্ৰমাণ দেখ।
অজামিল মহা অধম দ্বিজৰ,
 পাতকৰ নাহি লেখ॥
মৰন্তে কেৱলে, ডাকিলে পুত্ৰক,
 নাৰায়ণ-নাম লৈয়া।
এতেকে মৃত্যুকো, এৰায়া বৈকুণ্ঠ,
 পদত উঠিল গৈয়া॥৭৮২॥
নামৰ আভাষ, কীৰ্ত্তন মাত্ৰকে,
 মুকুতি দিলে সাক্ষাত।