সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
ভক্তি-ৰত্নাৱলী

পৰম কৃতঘ্ন, পাপী মোত পৰে,
 নাহি জানা দামোদৰ।
শুনি আছো মহা পতিত পাৱন,
 নাহিকে তোমাত পৰ॥৬৮৩॥
সংসাৰ সাগৰে, উপকাৰ চিন্তা,
 কৰিব মোক যি জন।
তুমি বিনে হেন, বান্ধৱ নেদেখো,
 জানিয়া লৈলো শৰণ॥
শৰণাগতক, যেন লাগে কৃষ্ণ,
 কৰা যথোচিত কাম।
নছাড়িবা মোক, সামাজিক লোক,
 ডাকি বোলা ৰাম ৰাম॥৬৮৪॥