সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
চতুৰ্থ বিৰচন

হেনয় যতেক যতি, পাইয়া সিটো যোগ গতি,
 তথাপিতো অপ্ৰমত্ত নুই॥৬৬৯॥
কৃষ্ণ কথা শ্ৰৱণত, যাৱত নকৰে ৰতি,
 তাৱে মল নুগুচে চিত্তৰ।
এতেকে যোগীৰো জানা নাহিকে কৰ্ত্তব্য আন,
 কৃষ্ণ কথা শ্ৰৱণত পৰ॥
এহিমানে মৈত্ৰেয়ৰ, বচন সংহৰি থৈলো,
 হেনবা বুলিবা কদাচিত।
যোগৰ সিদ্ধিত স্পৃহা, এৰিবেক কিবা হেতু,
 শুনা কহো সিদ্ধান্ত বিদিত॥৬৭০॥
ভগৱন্ত ঈশ্বৰৰ, কথা শ্ৰৱণত পৰ,
 নাহি মহা লাভ ত্ৰিভুৱনে।
এতেকে সমস্ত এৰি, কথাক শুনিব মাত্ৰ,
 লৈয়ো সাক্ষী গোপীৰ বচনে॥
কৃষ্ণ দৰশন আশে, গোপী সবে গাৱে গীত,
 বোলে শুনা প্ৰভু লক্ষ্মীপতি।
তযু কথা অমৃতেসে, মৰাকো জীয়াৱে অতি,
 লৈয়ো আৰ যুগুতি সম্প্ৰতি॥৬৭১॥
দেৱতা সবৰ ভোগ্য, প্ৰসিদ্ধ অমৃত যিটো,
 কথামৃত শ্ৰেষ্ঠ তাত কৰি।
ব্ৰহ্মজ্ঞানী গণে সিটো, অমৃত কৰিয়া তুচ্ছ,
 কথামৃত পীয়ন্ত সাদৰি॥