সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
ভক্তি-ৰত্নাৱলী

ভোগ্যৰ অমৃতে অতি, বঢ়াৱে সকাম কৰ্ম্ম,
 কথামৃতে কৰে কৰ্ম্ম নাশ।
নচাৱয় অনুষ্ঠান, শ্ৰৱণ মাত্ৰকে মহা,
 মুকুতিকো কৰন্ত প্ৰকাশ॥৬৭২॥
দেৱৰ অমৃতে মহা, উন্মত্ত কৰায় মাত্ৰ,
 কথামৃতে কৰয় সুশান্ত।
হেন কথা পৃথিবীত, কৰে যিটো বিস্তাৰিত,
 নাহি তাত পৰে দাতাৱন্ত॥
যিজনে কেৱল মাত্ৰ, কথাকে গ্ৰহণ কৰে,
 তাহাৰ ভাগ্যৰ নাহি সীমা।
যি পুনু তোমাক আনি, কৰিল সাক্ষাত প্ৰভু,
 তাৰ আৰ কি কৈবো মহিমা॥৬৭৩॥
গোপীৰ বচন থওঁ, এহি অৰ্থ পুনু কওঁ,
 যি ভৈল কৃষ্ণক দৰশন।
তাৰ যত পাপ ক্ষয়, হৈব অদভুত নয়,
 কিন্তু ভৈল কৃতাৰ্থ সি জন॥
যাহাৰ নামক মাত্ৰ, এক বাৰ শ্ৰৱণত,
 অধম চণ্ডাল অতিশয়।
সেহিটো শৰীৰ সমে, সমস্তে পাপত হন্তে,
 হোৱে মহা পৱিত্ৰ নিশ্চয়॥৬৮৪॥
বুলিবা সবাকে শুদ্ধি, কৰয় কেৱলে পুনু,
 নুহি ধীৰ সমস্তে লাভত।