সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
ভক্তি-ৰত্নাৱলী

তিনিও লোকত, যদ্যাপি তোমাক,
 একোজনে নজানয়।
কথাকে সৎকাৰ, কৰে যিটে৷ সিটো,
 তোমাক বশ্য কৰয়॥৫৪৪॥
ব্ৰহ্মাৰ বচনে, দেখাইলো জ্ঞানতো
 অধিক কথা-শ্ৰৱণ।
বুলিবাহা জ্ঞান, সদ্যে মোক্ষ ফল,
 এড়িবে কেনে যতন॥
সনত কুমাৰ, বচনে ইহাৰ,
 উত্তৰ লৈয়ো নিশ্চয়।
মুকুতিতো কৰি, কথা-শ্ৰৱণৰ,
 অধিক সুখ আছয়॥৫৪৫॥
চাৰিও সনকে, কৃষ্ণৰ আগত,
 বোলন্ত বাক্য বিনয়।
তোমাৰ পৱিত্ৰ, কথা অমৃতৰ,
 ৰসক যিটো জানয়॥
তাৰা সবে প্ৰভু, তোমাৰ মুকুতি,
 প্ৰসাদকো নাদৰন্ত।
কালৰ অধীন, যত স্বৰ্গ সুখ,
 তাহাকো কৈত গণন্ত॥৫৪৬॥
সনত কুমাৰ,{{gap|3em}বচনে দেখাইলো
 কথা শুনিবাৰ ফল।