সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
চতুৰ্থ বিৰচন

তথাপিতো যদি, ঈশ্বৰ কৃষ্ণৰ,
 কথাত নকৰে বতি॥৫৪১॥
তবে সিটো ধৰ্ম্ম, জানিবা কেৱলে,
 শ্ৰম মাত্ৰ সমুদায়।
হৰি কথা বিনে, অন্য যত ফল,
 বিনাশী সিটো সদায়॥
এতেকে কৃষ্ণৰ, কথাত যাহাৰ,
 উতপন্ন ভৈল ৰতি।
কথাৰ সাধন, কৰ্ম্মত জ্ঞানত,
 এৰিয়া যত্ন সম্প্ৰতি॥৫৪২॥
কথাকেসে মাত্ৰ, শুনি শ্ৰদ্ধা ভাৱে,
 কৃষ্ণক কৰিব বশ্য।
শুনিয়োক এবে, ব্ৰহ্মাৰ বচনে,
 দেখাওঁ ইটো ৰহস্য॥
কৃতাঞ্জলি হৈয়া, ব্ৰহ্মায়ে বোলন্ত,
 কৃষ্ণৰ চাই চৰণ।
অণুমাত্ৰ জ্ঞান, পথত প্ৰয়াস,
 নকৰিয়া নাৰায়ণ॥৫৪৩॥
তীৰ্থ আদি আন, পথত ভ্ৰমণ,
 ক্লেশ আদি নকৰয়।
নিজ স্থানে থাকি, মহন্তৰ মুখে,
 তোমাৰ কথা শুনয়॥