সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
ভক্তি-ৰত্নাৱলী

দুৰ্ব্বাসনা নষ্ট, ভৈলে নিৰন্তৰে,
 শুনা যেন ফল পাৱে।
মহন্ত সবৰ, আত্মাৰূপে হৰি,
 প্ৰকাশ হন্ত স্বভাৱে॥
ভকত সবৰ, মুখত তাঁহান,
 কথায়ে হন্ত অমৃত।
তাক শ্ৰদ্ধা কৰি, কৰ্ণাঞ্জলি ভৰি,
 পীয়ে যিটো প্ৰতি নিত॥৫৩৯॥
বিষয় বাসনা, মলিন মনক,
 কৰয় সিটো শোধিত।
কৃষ্ণৰ অভয়, চৰণ পদ্মৰ,
 পাৱয় গৈয়া সন্নিত॥
বুলিবা সংশয়, স্বধৰ্ম্মে পাৰয়,
 ইমান কাৰ্য্য সাধিত।
মাধৱৰ কথা, কিবা কাৰ্য্যে বৃথা,
 শুনিবাক লাগে নিত॥৫৪০॥
ভাল ইটো প্ৰশ্ন, কৰিলা শুনিয়ো,
 উত্তৰ দেওঁ ইহাৰ।
স্বধৰ্ম্মত বুদ্ধি, যদি হৱে শুদ্ধি,
 তথাপি কথাৰ দ্বাৰ॥
যাৰ যেন ধৰ্ম্ম, সুনিশ্চিত ভাবে
 আচৰয় শুদ্ধমতি।