সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ : শ্ৰবণ বিৰচন

দুলড়ি

শ্ৰৱণ কীৰ্ত্তন, উপদেশ ক্ৰমে,
 ভকতিৰ নিৰূপণ।
কহিবাক প্ৰতি, পুনশ্চ সম্প্ৰতি,
 আৰম্ভিলো বিৰচন॥
দুৰ্ব্বাসনা মুখ্য বীজ সংসাৰৰ,
 যতেক অনৰ্থ চয়।
কেৱলে কৃষ্ণৰ কথা শুনিলেসে,
 সিটো সবে নিবৰ্ত্তয়॥৫৩৭॥
ভকত জনৰ, পৰম সুহৃদ,
 উপকাৰী ভগৱন্ত।
তাঁনে গুণ নাম, শুনন্তে আসিয়া,
 হৃদয়ত প্ৰবেশন্ত॥
অনাদি জন্মৰ, আছে তাৰ যত,
 দুৰ্ব্বাসনা হৃদয়ত।
তথাতে থাকিয়া, প্ৰভু নাৰায়ণ,
 হৰন্ত তাক সমস্ত॥৫৩৮॥