পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ ৮৭

তলতীয়া হৈ থাকিও,পোলণ্ডে আৰু ফিন্লেণ্ড বহুকাল ৰুচিয়াৰ অধীনতাত পৰি থাকিও, যদিও সেই দেশবিলাকত জাৰ্ম্মানে জাৰ্ম্মান ভাষা-সভ্যতা-সংস্কৃতিৰ আৰু ৰুছিয়াই ৰুছ ভাষা-সভ্যতা-সংস্কৃতিৰ ধল ঢালি সেই দেশকেইখনৰ অস্তিত্ব জীৰ্ণ কৰি জাৰ্ম্মান আৰু ৰুছ জাতিৰ লগত জাহ নিয়াবলৈ দিহা কৰিছিল, তথাপি সি তেল-পানী হৈয়ে থাকিল। যোৱা দ্বিতীয় মহাৰণৰ সুবিধা গ্ৰহণ কৰি জাৰ্ম্মান আৰু ৰুছৰ প্ৰভাৱ ওফৰাই পেলাই দি নিজৰ নিজৰ ভূঁই-ফুটা ৰূপ সজাগ কৰি লৈ সেই দেশবিলাক স্বাধীন হ'ল। স্বাধীনতা লাভ কৰাৰ লগে লগে সেই সেই লোকবিলাকৰ দেশাত্মাবোধবিলাকো ইমান প্ৰৱল হৈ উঠিল যে, যেইবোৰ দেশত তেওঁলোকৰ জাতীয়তা-বিৰোধী আন দেশৰ কোনো লোক মাটি-বাৰী বা কাৰবাব-ব্যৱসায় আদি লৈ নিগাজি হ'বলৈকে ইচছা কৰি তালৈ যাব খুজিলে বিশেষ ছৰ্ত্ত এটাত প্ৰতিজ্ঞাবদ্ধ হৈহে তাত সোমাব পৰা হ'ল।

  য়ুৰোপৰ প্ৰায়বিলাক জাতি একধৰ্ম্মী হ’লেও, নিজ নিজ বৈশিষ্ট্য অনুসৰি তাত অসংখ্য সৰু-ডাঙৰ স্বাধীন ৰাজ্য সৃষ্ট হৈ প্ৰত্যেকে একোটা সুকীয়া সুকীয়া জাতি হৈ আছে, আৰু এখন দেশৰ কোনো লোক সোমাই যাতে তাৰ জাতীয়-স্বাৰ্থত একো বিঘাত ঘটাব নোৱাৰে, তাৰ বাবে দেশে দেশে বিশেষ কঠোৰ ব্যৱস্থাও আছে। এনে কি, প্ৰায় ষোল অনা একে আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ধৰ্ম-কৰ্ম-গ্ৰস্ত আইৰিছ জাতি বহু শতাব্দী ধৰি ইংৰাজৰ অধীনতাত থাকিও ইংৰাজৰ লগত সান-মিহলি হৈ যাব নোৱাৰিলে,নিজৰ জাতীয় ভাগ্য নিজে নিয়ন্ত্ৰণ কৰিবলৈকে ইংৰাজৰ অধীনতা-বেড়ী ছিঙি পেলাই স্বাধীন হ’ল। এনে কি ইংৰাজ-প্ৰধান আল্ষ্টাৰৰ বাহিৰে কোনো ইংৰাজে আয়ৰ্লেণ্ডত