সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী


গৈ মাটি-বাৰী লৈ নিগাজী হোৱাটোও অসম্ভৱ হৈ উঠিল,—কি জানোবা আইৰিছৰ জাতীয় স্বাৰ্থত তেওঁ কিবা বিঘিনি ঘটায়। আমেৰিকা মহাদেশ যদিও আজি নানা জাতিৰ যুক্ত-ৰাজ্য, আৰু সমগ্ৰ আমেৰিকাবাসী যদিও একধৰ্ম্মী, তথাপি তাৰ বাজ্যে একোটা নিজস্ব বৈশিষ্ট্য আছে, আৰু একেখন যুক্ত-ৰাজ্যৰ শাসন-তন্ত্ৰত বান্ধ খাই থাকিলেও, এখন ৰাজ্যৰ অন্যায় প্ৰভাৱৰপৰা আনখন ৰাজ্যৰ বৈশিষ্ট্যৰ স্বাধীনতা ৰক্ষা কৰাৰ ভাল ব্যৱস্থাবিলাকো তাত আছে।

  এয়ে জাতীয় বৈশিষ্ট্য-ৰক্ষণৰ প্ৰধান কথা। এই বৈশিষ্ট্যটো ব্যক্তিগতভাৱেই হওক, নাইবা জাতি বা সমষ্টিগত হিছাপেই হওক, কোনেও এৰিব নোখোজে, আৰু এৰিব নোৱাৰেও। পৃথিৱীৰ যিমানবোৰ যুদ্ধ-বিগ্ৰহৰ ঘটনা আৰু সাহিত্য-বিজ্ঞান, দৰ্শন-কলা, শিল্প-বাণিজ্য সকলোৰে গতি আৰু উন্নতিৰ চেষ্টাবিলাক, মুখ্যভাৱেই হওক, নাইবা গৌণভাৱেই হওক, এই বৈশিষ্ট্য-ৰক্ষাৰ স্বাভাৱিক প্ৰেৰণা। বৈশিষ্ট্য ৰক্ষাৰ এই চেষ্টাত জড়তা সোমালে, আত্মৰক্ষাৰ বাটতো বন্ধ হয়েই, সৃষ্টিৰ গতিও অচল হয়। সেই বাবে, আত্মৰক্ষা কৰি সৃষ্টি-বৈচিত্ৰ্যৰ সদ্গতি অব্যাহত ৰাখিবলৈকে এই চেষ্টা, এই সতৰ্ক তৎপৰতাৰ অতি প্ৰয়োজন আছে।

  এই প্ৰাকৃতিক বিধানমতেই ভাৰতত অসমীয়াৰ অসম, বঙালীৰ বঙ্গ, পঞ্জাবীৰ পঞ্জাব, গুজৰাটীৰ গুজৰাট, মাৰাঠীৰ মহাৰাষ্ট্ৰ, মাদ্ৰাজীৰ মাদ্ৰাজ, উৰিয়াৰ উৰিষ্যা আদি দেশবোৰ গঢ়ি উঠিছে। সমগ্ৰ ভাৰতৰ ধৰ্ম্ম, জাতীয়তা, ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতি-ক্ষেত্ৰৰ সাধাৰণ স্বাৰ্থত এইবিলাক প্ৰত্যেকৰে একোটা বেলেগ বেলেগ স্বাৰ্থও আছে,- ৰাজনীতিত, অৰ্থনীতিত, ভাষাত, সংস্কৃতিত,--এনে কি, উন্নতিৰ