পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৮৬ শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

হ’ল;-দ্ৰাবিড়, নিগ্ৰো, কাফ্ৰী আৰু আমাৰ ভাৰতৰ দুই-এটা শাখা, —ইটালিয়ান, জাৰ্ম্মান, ইংৰাজ,—আৰু ব্ৰুচ, বুলগেৰিয়া, জেকোস্লো- ভেকয়াি আদি জাতিবোৰে মূলতঃ একো একোটা গুটি ফাটি ওলালেও, একো একোখন খনিৰপৰাই ওলাই পৰিলেও, বেলেগ বেলেগ গছত আৰু ভিন্ ভিন্ ধাতুত পৰিণত হ'ল। এইদৰেই মহাচীন দেশত উত্তৰ-চীন, দক্ষিণ-চীন, পূব-চীন, মাঞ্চুৰিয়া, কোৰিয়াৰ উৎপত্তি হল।

  আধুনিক যুগত ইংৰাজ, আমেৰিকান, অষ্ট্ৰেলিয়ান, ইষ্ট্-আফ্ৰিকান আদি বগাসকল এক আই-বোপাইৰ সন্তান, এক ভাষা-ভাষী আৰু এক-ধৰ্ম্মী হৈও, দেশগত ৰাজনৈতিক স্বাৰ্থ আৰু জাতীয়তা সম্পূৰ্ণ ভিন্ ভিন্ হৈ পৰিল, যদিও পৰম্পৰৰ ভিতৰত কিছুমান চৰ্ত্তমূলক মিলো আছে।

  এইদৰে আৰব, টুৰ্কী, পাৰশ্য, আফগানিস্থান আদিও প্ৰায় একে বা ওচৰা-উচৰি জাতৰ আৰু একধৰ্মী হৈও, ভাষা আৰু জাতীয়তাত একেটা হোৱা নাই বা হ’ব নোৱাৰিলে। য়ুৰোপৰো প্ৰায় সকলোবিলাক লোক একধৰ্ম্মী হৈও, জাতীয়তাত, ভাষাত, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থত এক হ’ব পৰা নাই,ধৰ্ম্মৰ নিমিত্তে নহয়,--কিন্তু নিজ নিজ ভাষা আৰু জাতীয় আত্মা ৰক্ৰব নিমিত্তে,সৰু-ডাঙৰ প্ৰত্যেকটো জাতীয়ে কামান-বন্দুক আৰু আন মাৰণাস্ত্ৰৰ মাৰাত্মক বোজাবিলাক বৈ লৈ পৰস্পৰে পৰস্পৰৰ প্ৰতি সভয় সচকিত বেঁকা-চকুৰে তৎপৰ সতৰ্কতা লৈ তীক্ষ্ণ দৃষ্টি তুলি ঢাই আছে—কিজানিবা আন কাৰোবাৰ ভাষিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু আৰ্থিক স্বাৰ্থ ওপৰত জপিয়াই পৰি নিজ অস্তিত্বটো বিলোপ কৰি দিয়েহি বুলি।

এইবাবেই, য়ুৰোপৰ আলছাছ লোবেন্ বহু কাল জাৰ্ম্মান জাতিৰ