মহাত্মা গান্ধীয়ে কোৱা ‘সপোনৰ ফুল’ প্ৰস্ফুটিত হ'ল, চিত্ৰলেখাৰ চিত্ৰত সপোন কোঁৱৰ মূৰ্ত্তিমান হ’ল। যি ভগদত্ত, নৰক, বাণ, বলি,ভাস্কৰ, বব্ৰুবাহন, ঘটোৎকচ, তাম্ৰধ্বজ, গদাপাণি, লাচিত, নৰনাৰায়ণ, চিলাৰায়, জয়মতী, ৰাধিকা, বাঘ’ মৰাণ, ৰাধা-ৰুক্মিণী আদি বীৰ-সন্তান আৰু বীৰ-দুহিতাসকলৰ অপূৰ্ব্ব বীৰত্ব-গাঁথাৱলীৰে অসমৰ গাওঁ-ভূঁই পবিপ্লৱিত, সেই অসমীয়াৰ নাই কি? সকলো আছে। নাই কিন্তু আত্ম-শ্ৰদ্ধা, আত্ম-চেতনা, আত্মবিশ্বাস, আৰু আত্ম-সাধনা।
অসমীয়া, এবাৰ মাত্ৰ তোমাৰ অন্তৰখন আত্ম-শ্ৰদ্ধাৰ স্বৰ্গীয় আলোকেৰে উদ্ভাসিত কৰি তোলাঁ, দেখিবা অশ্ৰদ্ধাত বিমলিন হৈ পৰি থকা তোমাৰ সাংস্কৃতিক মণি-মুক্তাবোৰ বিশ্বোজ্জ্বল ৰূপেৰে তোমাৰ আগত উপস্থিত হৈ কিমান পৰিমাণে তাক বিশ্ব-বিমোহন কবি তুলিছে। উঠাঁ, যোৱাঁ, সেই আগৰ দৰেই তোমাৰ পৰ্ব্বতবাসী ভাই-ভনীসকলক বুকুত সুমুৱাই আঁকোৱালি লোৱাঁগৈ। নমাই আনাগৈ ভৈয়ামলৈ তেওঁলোকক তোমাৰ মাজত সন্মানিত স্থান দিবলৈকে,—আৰু যোৱাঁগৈ তুমি পৰ্ব্বতলৈ উঠি তেওঁলোকৰ মনৰপৰা তোমাৰ ওপৰত পুহি ৰখা সন্দেহৰ ভাৰ নিৰ্ম্মূল কৰি তোমাৰ একাত্ম-বোধৰ উদাৰতাৰে তেওঁলোকৰ হৃদয় জয় কৰিবলৈকো তোমাৰ ভাষা, সংস্কৃতি, ৰীতি-নীতিৰ সৌন্দৰ্য্য দিয়াঁ গৈ তেওঁলোকক, আৰু আনা গৈ তেওঁলোকৰ ভাষা,সংস্কৃতি ৰীতি-নীতিৰ মাধুৰ্য্য তোমালোকৰ ভিতৰলৈ। এই দিয়া-লোৱা সনাসনি যোগা-বিয়োগৰ পদ্ধতিৰে সেই আগৰ দৰেই চৰাই তোলাঁ পৰ্ব্বত-ভৈয়াম জুৰি অসমীয়া ভাষাত, অসমীয়া সাহিত্যত, অসমীয়া সংস্কৃতিত, অসমীয়া সামাজিকতাত মানৱ জগত সমুজ্জ্বলকাৰী এটা বিচিত্ৰ নতুন ৰূপ, এটা বিচিত্ৰ নতুন প্ৰাণ।
৬