পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
আঁকোৱালি লোৱা সাংস্কৃতিক অভিমান


মহাত্মা গান্ধীয়ে কোৱা ‘সপোনৰ ফুল’ প্ৰস্ফুটিত হ'ল, চিত্ৰলেখাৰ চিত্ৰত সপোন কোঁৱৰ মূৰ্ত্তিমান হ’ল। যি ভগদত্ত, নৰক, বাণ, বলি, ভাস্কৰ, বব্ৰুবাহন, ঘটোৎকচ, তাম্ৰধ্বজ, গদাপাণি, লাচিত, নৰ- নাৰাযণ, চিলাৰায়, জয়মতী, ৰাধিকা, বাঘ’ মৰাণ, ৰাধা-ৰুক্মিণী আদি বীৰ-সন্তান আৰু বীৰ-দুহিতাসকলৰ অপূৰ্ব্ব বীৰত্ব-গাঁথাৱলীৰে অসমৰ গাওঁ-ভূঁই পবিপ্লৱিত, সেই অসমীয়াৰ নাই কি? সকলো আছে। নাই কিন্তু আত্ম-শ্ৰদ্ধা, আত্ম-চেতনা, আত্মবিশ্বাস, আৰু আত্ম-সাধনা।

 অসমীয়া, এবাৰ মাত্ৰ তোমাৰ অন্তৰখন অল্প-শ্ৰদ্ধাৰ স্বৰ্গীয় আলো- কেলে উদ্ভাসিত কৰি তোলাঁ, দেখিবা অশ্ৰদ্ধাত বিমলিন হৈ পৰি থকা তোমাৰ সাংস্কৃতিক মণি-মুক্তবোৰ বিশ্বোজ্জ্বল ৰূপেৰে তোমাৰ আগত উপস্থিত হৈ কিমান পৰিমাণে তাক বিশ্ব-বিমোহন কবি তুলিছে। উঠাঁ, যোৱাঁ, সেই আগৰ দৰেই তোমাৰ পৰ্ব্বতবাসী ভাই-ভনীসকলক বুকুত সুমৱাই আঁকোৱালি লোৱাঁগৈ। নমাই আনাগৈ ভৈৰামলৈ তেওঁলোকক তোমাৰ মাজত সন্মানিত স্থান দিবলৈকে,—আৰু যোৱাঁগৈ তুমি পৰ্ব্বতলৈ উঠি তেওঁলোকৰ মনৰপৰা তোমাৰ ওপৰত পুহি ৰখা সন্দেহৰ ভাৰ নিৰ্ম্মূল কৰি তোমাৰ একাত্ম-বোধৰ উদাৰতাৰে তেওঁ লোকৰ হৃদয় জয় কৰিবলৈকো তোমাৰ ভাষা, সংস্কৃতি, ৰীতি-নীতিৰ সৌন্দৰ্য্য দিয়াঁ গৈ তেওঁলোকক, আৰু আনা গৈ তেওঁলোকৰ ভাষা, সংস্কৃতি ৰীতি-নীতিৰ মাধুৰ্য্য তোমালোকৰ ভিতৰলৈ। এই দিয়া- লোৱা সনাসনি যোগা-বিয়োগৰ পদ্ধতিৰে সেই আগৰ দৰেই চৰাই তোলা পৰ্ব্বত-ভৈয়ান জুৰি অসমীয়া ভাষাত, অসমীয়া সাহিত্যত, অসমীয়া সংস্কৃতিত, অসমীয়া সামাজিকতাত মানৱ জগত সমুজ্জ্বলকাৰী

এটা বিচিত্ৰ নতুন ৰূপ, এটা বিচিত্ৰ নতুন প্ৰাণ।