পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

সংস্কৃতিক তাবটোৰ ওপৰত আধিপত্য বৰ্ত্তাবলৈ এৰি দি সি কেতিয়াও আত্ম-বিলোপ কৰা নাই, আৰু নকৰেও | এয়ে অসমীয়াৰ সাংস্কৃতিক অভিমান ৷

  অসমীয়াৰ নাই কি? সেই পুৰাণ-ভাৰত-ৰামায়ণ-ভাগৱত-বৰ্ণিত প্ৰাগজ্যোতিষী, কামৰূপী, অসমীয়াৰ মানৱ-সংস্কৃতিৰ কি সম্পদত দুখীয়া? অসমীয়াৰ দৰে কাৰ এনে উদাৰতা আছে? কাৰ সমাজত এনে বিশ্ব-মানৱীয়তাৰ তপ্তোজ্জল বৈ আছে? সেই সুদূৰ অতীতৰ পৰাই সি খিলঞ্জীয়া বড়ো, কছাৰী, চুতিয়া, কোচ, কলিতা, কৈৱৰ্ত্ত, গাড়ো, মিকিৰ, লালুং, ৰাভা, হাজং, ডিমাছা, খাছিয়া, নগা, আঁকা, ডফলা, আবৰ, মিছিমি, মণিপুৰী আৰু তেনে অন্যান্য জন-সমষ্টিৰ লগত সনাসনি হৈ, পছিম ফালৰপৰা অহা বামুণ, কায়স্থ, ক্ষত্ৰিয়সকলৰ আৰু পুব ফালৰপৰা অহা টাই আদিৰ লগত সংমিশ্ৰণ ঘটাই “দেশতকৈ একো ডাঙৰ নহয়“ বোলা অবিনশ্বৰ বীৰ-ৰাণৰব জন্মদাতা অসমীয়া- কামৰূপী জাতিটো গঢ় লৈ উঠিল,--সকলোৰে ওতপ্ৰোত মিলন- ভূমিত অমৃতবৰ্মী অমিয়া অসমীয়া ভাষাই সুধাকণ্ঠী ৰূপ পালে, হৃদয়-তন্ত্ৰী জোঁকাৰি তোলা বিচিত্ৰ লীলায়িত ভঙ্গিমাৰে দেওধাই- নৃত্য, নটুৱা-নৃত্য, সূত্ৰধাৰ-নৃত্য, ওজাপালি নৃত্য-গীত, বিহু নৃত্য-গীত, বৰগীত, দেহবিচাৰ-গীত, মাৰৈ-গীত পীতাম্বৰী গীত, নাম-কীৰ্ত্তন, ব্যাস-কীৰ্ত্তন, বলি-নাম, আই-নাম, ধাই-নান, বিয়া-নাম, জাতিস্কাৰ হৈ ফুলি উঠিল,--নানঘোষা, কীৰ্ত্তন-ঘোষা, কথা-গীতা, ৰত্নাৱলী আদিত বিশ্ব-সাহিত্যৰ বিপুল সৌন্দৰ্য্য প্ৰতিভাত হ’ল-মঠ-মন্দিৰ, সত্ৰ-সছং আদিৰ অবিনশ্বব স্তম্ভ গঢ়ি উঠিল—অপৰ্যাপ্ত বুবঞ্জীৰাজি জীৱনৰ তজােল প্ৰতিবিম্বব নিদৰ্শনেৰে মুখৰিত হৈ উঠিল, শিপিনী-শিল্পত