পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
শ্রীঅম্বিকাগিৰী ৰায়চৌধাৰী


  ভৈয়ামৰ অসমীয়া, এই বিষয়ত তোমাৰেই দায়িত্ব আজি গধুৰ। তুমিয়েই তোমাৰ উচ্চাত্মিকাৰ গৰ্ব্বাভিমানেবে পৰ্ব্বতবাসী অসমীয়া ভাই-ভনীসকলক দূৰলৈ ঠেলি থৈ দিছা। আজি জাতীয় স্বাধীনতাৰ দিনত,পৰ্ব্বত-ভৈয়ামৰ সেই হেৰুওৱা আঁত বিচাৰি উলিয়াই ঐতিহাসিক সত্যৰ উদাৰ সংমিশ্ৰণ সাৰ্থক কৰি, তোমাৰ ভাষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আৰু শিল্প-কলাক বিশ্ববৰেণ্য ৰূপত প্ৰতিভাত কৰি তোলা দায়িত্বটো সেই বাবে আজি তোমাৰেই। তোমাৰ উচ্চ সাংস্কৃতিক গৰ্ব্বাভিমানৰপৰা তুমি ৰেহাই লৈ, জাতীয় জীৱনৰ মহান মঙ্গলৰ হকে প্ৰথমতে এই দায়িত্ব তুমিয়েই পালন কৰাঁ আজি। তেহে, তাৰ পাছত, তোমাৰ মাজত সোমোৱা আন ফালৰ সকলোকে তোমাৰ উদাৰতাৰ সৌন্দৰ্য্যেৰে আকৰ্ষণ কৰি তোমাৰ নিজস্ব সাংস্কৃতিক জীৱনত তেওঁলোকক লীন নিয়াব পাৰিবা। ন’হলে তোমাৰ নিস্তাৰ নাই। এয়ে আজি অসমীয়াৰ সাংস্কৃতিক জীৱনত “আঁকোৱালি লোৱা আৰু বঁচোৱা কৰ্ম্মধাৰা।”


শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী