পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীসূৰ্যকুমাৰ ভূঞা

হাতলৈ অনা হ'ল। কৰ শোধাব নোৱাৰাৰ বাবে পুৰন্দৰসিংহৰ গাত সম্পূৰ্ণ দোষ নাছিল, কাৰণ ভগা ৰাজ্য বাঁটি লওঁতে তেওঁৰ দুৰ্জ্জয় পৰিশ্ৰম হৈছিল। অসমীয়া মানুহে নগদ টকাৰে খাজনা দিয়াতকৈ গাৰে খাটি দিয়া নিয়মটো বেছি ভাল পাইছিল। এইটো সকলোৱে স্বীকাৰ কৰিছে যে পুৰন্দৰসিংহ স্বৰ্গদেৱে ৰাজ্যত ভালমতে থিত হ’বলৈ নৌ পাওঁতেই তেওঁৰপৰা ৰাজ্য কাঢ়ি নিয়া হল।

  সামান্য ত্ৰুটিত ৰাজ্য হেৰুৱাব লগাত পৰন্দৰসিংহ স্বৰ্গদেৱ বিষম ক্ষুণ্ণ হ’ল। কোম্পানীৰপৰা তেওঁক মাহে এহেজাৰ টকা বানচ দিয়াৰ ঠিক হৈছিল, বৃটিছৰ ওপৰত অসন্তোষ প্ৰকাশ কৰ ৰজাই তাক গ্ৰহণ নকৰিছিল। ১৮৪৬ চনত মহাৰাজ পুৰন্দৰসিংহৰ, আৰু ১৮৫২ চনত তেওঁৰ পুতেক যুৱৰাজ কামেশ্বৰসিংহৰ মৃত্যু হয়। তেতিয়াৰেপৰা কামেশ্বৰসিংহৰ বাৰ-বছৰীয়া পুতেক কন্দৰ্পেশ্বৰসিংহ আহোম ৰাজ- পৰিয়ালৰ প্ৰতিনিধি বুলি পৰিগণিত হ’বলৈ ধৰিলে। ইপিনে ১৮৩৯ চনত চন্দ্ৰকান্তসিংহৰ মৃত্যু হোৱাত তেওঁৰ পুতেক ঘনকান্তসিংহই যুৱৰাজ মৰ্যাদা লাভ কৰে।

  অসমৰ সম্ভ্ৰান্ত পৰিয়ালবৰ্গই অসমৰ স্বাধীনতা পুনৰ উদ্ধাৰৰ চেষ্ট। তেতিয়ালৈকে এৰা নাছিল। সেই সময়ত অসমীয়াৰ অতীত আৰু বৰ্ত্তমানৰ অৱস্থা ভালকৈ বুজি পোৱা বিচক্ষণ বুদ্ধিমন্ত পুৰুষ আছিল মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱা। ১৮৫৩ চনত ঘনকান্ত যুৱৰাজ তৰফে অসমৰ ৰাজ্যভাৰ ওভতাই পাবলৈ মণিৰাম দেৱানে বৃটিছৰ ওচৰত আৱেদন কৰে, আৰু তাৰ লগতে এজনা “মন্ত্ৰী-চাহাবক“ অসমৰ শাসনকৰ্ত্তা পাতি অসমৰ স্বায়ত্বশাসনৰো প্ৰস্তাৱ দিয়ে। কিন্তু এই চেষ্টাত বিফলমনোৰথ হৈ যুৱৰাজ কন্দৰ্পেশ্বৰসিংহৰ তৰফে দৰখাস্ত