পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হ্যদিৰাচকীৰপৰা গণপৰিষদলৈ

দিনৰ কাৰণে মণিৰাম দেৱান কলিকতা পায়গৈ। সেই সময়ত চিপাহী- বিদ্ৰোহৰ জুই ভাৰতময় জ্বলি উঠে। এই ছেগতে উজনিৰ স্বাধীনচেতা কিছুমান ডাঙৰীয়া আৰু বিষয়াই বৃটিছৰ ক্ষমতা নষ্ট কৰি যুৱৰাজ কন্দৰ্পেশ্বৰসিংহক আহোম সিংহাসনত বহুৱাবলৈ চেষ্টা কৰে। এই চেষ্টাত মণিৰাম দেৱানে সহযোগিতা ৰাখি কলিকতাৰপবা উদগনিপূৰ্ণ চিঠি দিয়া অপৰাধত দেৱানক কলিকতাতে বন্দী কৰি অসমলৈ আনি বিচাৰত দোষী পাই ফাঁচি দিয়া হয়। দেৱানৰ লগত ফাঁচি যায় সেই পৰিয়ালৰ পিয়ালি বা মহেশ্বৰ শৰ্ম্মা-বৰুৱা৷

  ১৮২৮ চনৰপৰা ১৮৫৮ চনলৈকে এই ডেৰ-কুৰি বছৰ অসীয়াই অস্ত্ৰেৰে হওক দৰখাস্তেৰেে হওক সকলোপ্ৰকাৰে স্বাধীনতা উদ্ধাৰৰ চেষ্টা কৰিছিল। মানৰ অত্যাচাৰৰ পাছত বৃটিছে অসমত শান্তি স্থাপন কৰাৰ নিমিত্তে অসমীয়া ৰাইজ বৃটিছৰ প্ৰতি কৃতজ্ঞ আছিল। কিন্তু শান্তি শাসনৰ হুতাহত স্বাধীনতাক জলাঞ্জলি দিব নোৱাৰি। অসমীয়াই পৰৰ শাসন হেজাৰে কি মঙ্গলদায়ক হওক তাক গ্ৰহণ কৰিবলৈ কেতিয়াও সস্মত হ’ব নোৱাৰিছিল। স্বৰ্গদেৱ চক্ৰবজসিংহ মহাৰাজে এবাৰ কৈছিল—“বিদেশীৰ অধীনত থকাতকৈ মৰণেহে যুগুত।” স্বৰ্গদেৱৰ বাক্য হৈছে অসমীয়াৰ অন্তৰ্নিহিত অপৰাজেয় স্বাধীনতা- প্ৰেমৰ ভাষাময়ী প্ৰতিমা মাথোন।

  মণিৰাম দেৱানৰ ফাঁচিৰ পাছত অসমীয়াই স্বাধীনতা অৰ্জনৰ কাৰণে সন্মিলিত চেষ্টা কৰাৰ কোনো সম্ভেদ পোৱা নাযায়। স্বাধীনতাৰ সোৱাদ পোৱা “পিতৃ বুঢ়াগোহাঁইৰ দিনৰ” চেঙা তেজৰ মানুহবোৰ এটি-এটিকৈ নাইকিয়া হ’বলৈ ধৰিলে। অসমত বিদেশীৰ দুৰ্জ্জয় হেঁচা,