পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হাদিৰাচকীৰপৰা গণপৰিদলৈ

উপৰোক্ত ঘটনাৱলীৰপৰা ইংৰাজে ভালকৈ বুজি পালে অসমীয়া - সকল বিদেশী শাসনত সহজে সৈমান হোৱাটো আশা কৰিব নোৱাৰি।

  ডেভিড স্কট চাহাবে ১৮২৯ চনৰ মাৰ্চ্চ মাহত সকলো কথা গমি- পিতি চাই গৱৰ্ণৰ-জেনেৰেললৈ লিখিলে,-“উজনি অসমৰ প্ৰজাবৃন্দ আসামৰ শাসনৰ প্ৰতি অনুৰক্ত হ'ব বুলি কেতিয়াও আশা কবিব নোৱাৰি। আৰু এনেহে সম্ভাৱনা হয় যে অসমৰ সম্ভ্ৰান্ত পুৰুষসকলে নিজৰ দেশৰ এজনক ৰজা পাতি পূৰ্ব্বৰ ধৰণে শাসন চলাবলৈ সদায় অভিলাষ কৰিব আৰু তাৰ অৰ্থে যথাবিধি কাৰ্য কৰিবলৈ চেষ্টান্বিত হ’ব।” মৃত্যুৰ তিনি মাহৰ পূৰ্ব্বে, অৰ্থাৎ ১৮৩১ চনৰ মেই মাহত, ডেভিড স্কট চাহাৰে পুনৰ লিখিলে,-“অসমত এজন অসমীয়া কোঁৱৰক সিংহাসনত বহুৱাব লাগিব, তেনে কৰিলেহে সকলো বিদ্ৰোহ-চক্ৰান্তৰ অন্ত পৰিব। অসমৰ প্ৰাচীন ৰাজবংশৰ আজি নগণ্য অৱস্থাত পৰিণত হৈছেে ডাঙৰীয়া আৰু বিষয়াসকলৰ অৱস্থাও অতি শোচনীয়, দেশীয় ধৰ্ম্ম অনাদৃত হৈছে, আৰু সাধাৰণৰ প্ৰশংসনীয় ৰাজদ্ৰোহ অপৰাধৰ নিমিত্তে ঘনাই মৃত্যুদণ্ড দিব লগাত আমি ৰাইজৰ অভিসম্পাত লাভ কৰিছোঁ। এই প্ৰজা-বিদ্বেষবপবা মুক্তি পাবলৈ হ'লে অসমত এজন স্বাধীন ৰজা পতাটো নিতান্ত বাঞ্চনীয়।

  স্কট্ চাহাবৰ প্ৰস্তাৱ অনুসৰি বৃটিছ গবৰ্ণমেণ্টে কৰতলীয়া হিচাপে পুৰন্দৰসিংহক অসমৰ উজনি-খণ্ডৰ শাসনভাৰ দিবলৈ মনস্থ কৰিলে। অসমীয়াই ডাৱৰৰ মাজত পুনব স্বাধীনতাৰ ক্ষীণ ৰেখা দেখিবলৈ ধৰিলে আৰু তেওঁলোকৰ পাঁচ-বছৰীয়া স্বাধীনতা-সংগ্ৰামৰ সুফল ধৰাত নিজকে কৃতাৰ্থ মানিলে। কিন্তু পুৰন্দৰসিংহ মহাৰাজে নিয়মমতে কৰ শোধাব নোৱাৰাত ১৮৩৮ চনত তেওঁৰপৰা উজনি অসম পুনৰ বৃটিছৰ