পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীসূৰ্য্যকুমাৰ ভুঞা

যে উক্ত ছ-জন অপৰাধীক ‘অসমৰ দস্তুৰ আৰু বৃটিছৰ আইন অনুসৰি ফাঁচি দিব লাগে। ১৮৩০ চনৰ ছয় আগষ্ট তাৰিখে অসমৰ কমিছনাৰ ডেভিড্ স্কট চাহাবৰ চেৰাপুঞ্জী আদালতত এই ষড়যন্ত্ৰৰ চূড়ান্ত বিচাৰ হ’ল। তাত এই শাস্তি বিধান কৰা হ'ল,—পিয়ালি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ মৃত্যুদণ্ড; বৌম চিংফৌ, ৰূপচান্দ কোঁৱৰ, দেওৰাম দিহিঙ্গীয়া ডেকা আৰু হৰনাথ, এওঁলোকৰ প্ৰত্যেকৰে চৈধ্য- বছৰলৈ নিৰ্বাসনদণ্ড; আৰু প্ৰথম পাঁচজন অপৰাধীৰ সকলো সম্পত্তি বাজেয়াপ্তি।

  প্ৰায় তেনে সময়তে ধতুৱা গোহাঁইৰ পুতেক গদাধৰ গোহাঁয়ে কোম্পানীৰ চিপাহীক হাত কৰি উজনিত থক। চাহাবকেইজনক হত্যা কৰি অসমত পুৰণি আমোল স্থাপনৰ আয়োজন কৰিছিল। তেওঁ সেই অৰ্থে প্ৰত্যেক চিপাহীক মাহে ষোল টকাকৈ দৰমহা দিম বুলি প্ৰতি শ্ৰুতি দিছিল। ১৮২১ কি ১৮২২ চনত অসম ৰজাই নিজৰ সম্বন্ধীয়া তৰাৱতী আইদেউ নামে এগৰাকী গাভৰুক মানৰজা বাগ্যীদোৱালৈ উপহাৰ পঠিয়ায়, লগত যায় ধতুৱা গোহাঁই আৰু তেওঁৰ পুতেক গদাধৰ। মানৰজাৰ ওপৰত এইগৰাকী কুঁৱৰীয়ে যথেষ্ট প্ৰভুত্ব বিস্তাৰ কৰে। ধতুৱা গোহাঁই মানদেশৰ এখণ্ড ৰাজ্যৰ শাসনকৰ্তা পদত অধি- ষ্ঠিত হয় | কুঁৱৰীৰ অনুৰোধ মতে মানৰজাই বৰ্ম্মাৰ সীমান্তত থকা কিছুমান পৰ্ব্বতীয়া জাতিৰ দ্বাৰা অসম আক্ৰমণৰ ব্যৱস্থা কৰালে। তাৰে অগ্ৰদূত হিচাপে ধতুৱা গোহাঁয়ে শদিয়াৰ সীমান্তত খামটি বাপুৰ পোছাক পিন্ধি সকলে আলেখলেখ চাবলৈ ধৰিলে। কিন্তু ষড়যন্ত্ৰৰ কামত ভালকৈ আগবাঢ়িবলৈ নৌ পাওঁতেই শদিয়াত থকা কোম্পানীৰ সৈন্যৰ চুবেদাৰ জেলিম ছিঙে গদাধৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰে।