সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
হদিৰাচকীৰপৰা গণপৰিষদলৈ

 এই উদ্দেশ্যমতে যথাবিধি আয়োজন চলিবলৈ ধৰিলে। তেওঁলোকৰ কেন্দ্ৰস্থান হ’ল মটক ৰাজ্যৰ অন্তৰ্গত তেজীনামৰূপ নামে ঠাই। পিয়ালি বৰফুকনৰ উদগনিত মটকৰ বৰসেনাপতিৰ দ্বিতীয় পুতেকেও এই যড়-যন্ত্ৰত যোগ দিয়ে, আৰু বৰসেনাপতিৰ বিৰোধী দলৰ কিছুমান মানুহক লগলৈ আনে। বিদ্ৰোহত যোগ দিবৰ কাৰণে পিয়ালি বৰফুকন আৰু পিয়ালি বৰগোহাঁয়ে মোৱামৰীয়া, খামটি, নগা, গাৰো, খাছিয়া,জয়ন্তা, মণিপুৰ আৰু ডফলাৰ অধিপতিসকললৈকো চিঠি দিয়ে। তেনে এখন চিঠি শদিয়া খোৱা গোহাঁয়ে পাই উজনি অসমৰ শাসনকৰ্ত্তা নিউভিল বা নবীন ছাহাবক সমৰ্পণ কৰে। ছাহাবে ২৩ ফেব্ৰুৱাৰী তাৰিখে পত্ৰবাহক হৰনাথক শদিয়াত গ্ৰেপ্তাৰ কৰে।

 ৰংপুৰত থকা চিপাহীক হঠাতে আক্ৰমণ কৰিবৰ মনেৰে পিয়ালি বৰগোহাঁয়ে দেওপূজা পাতি সসৈন্যে যাত্ৰা কৰে। এওঁলোকৰ লগত পিয়ালি বৰফুকন যোৱা নাছিল। চিপাহীৰ চাউনি পুৰি ধ্বংস কৰা হ'ল৷ কিন্তু চিপাহীক আক্ৰমণ কৰিব নোৱাৰি পিয়ালি বৰগোহাঁয়ে দলে-বলে গেলেকিলৈ উভতি আহিল, তাতে কোম্পানীৰ দাৰোগাই পাই সকলোকে গ্ৰেপ্তাৰ কৰিলে। পিয়ালি বৰফুকনকো সশস্ত্ৰ অৱস্থাত বন্দী কৰা হ'ল।

 এই ষড়যন্ত্ৰৰ প্ৰথম বিচাৰ হয় নিউভিল ছাহাবৰ আদালতত। তাত বিচাৰক আছিল এজন অসমীয়া বৰগোহাঁই আৰু এজন বৰবৰুৱা। এই বিচাৰত প্ৰমাণ পোৱা গ'ল যে গোমধৰ কোঁৱৰৰ যড়যন্ত্ৰতো পিয়ালি বৰফুকন সংশ্লিষ্ট আছিল। বিচাৰত প্ৰধান দোষী সাব্যস্ত হ’ল,- পিয়ালি বৰফুকন, জীউৰাম দুলীয়া বৰুৱা, ৰূপচান্দ কোঁৱৰ, দেওৰাম দিহিঙীয়া ডেকা, বৌম চিংফৌ আৰু হৰনাথ। আদালতে হুকুম দিলে