পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীসূৰ্যকুমাৰ ভূঞা

অসম, কাছাৰ, আৰু জয়ন্তাৰ ওপৰত সকলো প্ৰকাৰৰ দাবী প্ৰত্যাহাৰ কৰে, আৰু অসম দেশ আৰু তাৰ অধীনৰ ৰাজ্যসমূহৰ ওপৰত হস্তক্ষেপ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰে।

  ইয়াণ্ডাবু সন্ধি-সূত্ৰে অসম ৰাজ্য বৃটিছৰ অধীনলৈ হস্তান্তৰ হয়। পুৰণা শাসন-পদ্ধতৰব কিছু নিয়ম ৰাখি কোম্পানীৰ ধৰণেৰে বৃটিছে দেশ-শাসন কৰিবলৈ ধৰিলে। আহোম ৰাজপৰিয়াল আৰু বিষয়াসকলৰ ঘৰ-বাৰী-পথাৰত কাম কৰা পাইক-লিকচৌ গুচাই দিয়া হ'ল। খেনো-খেনোক মাত্ৰ গোটাচেৰেক লিকচৌ আৰু সামান্য পেঞ্চন দিয়া হৈছিল। কেইবছৰমানৰ পাচত সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰত থকা বেটী বন্দী গোলামকো মুক্তি দিয়া হ'ল। ১৮৩৩ চনত পুৰন্দৰসিংহ স্বৰ্গদেৱ বৃটিছৰ কৰতলীয়া ৰূপে উজনি অসমত ৰজা হৈছিল, কিন্তু পাঁচ- বছৰৰ মূৰত তেওঁৰ ৰাজ্য পুনৰ বৃটিছৰ খাচ অধীনলৈ আহিল। অসমীয়া ৰাইজে দেখিলে অসমৰপৰা মানক খেদিবলৈ আহি বৃটিছেই গোটেই খন দেশৰ অধিকাৰী হৈ পৰিছে, আৰু তাৰ লগে-লগে অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ পূৰ্ব্বৰ পয়োভৰ অৱস্থা ম্লান হ'বলৈ ধৰিছে।

  স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহ আৰু পুৰন্দৰসিংহ আৰু আগৰ ডা-ডাঙৰীয়া- সকলে অসমক পূৰ্ব্বৰ দৰে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে নানানভাৱে দাবী আৰু অনুৰোধ কৰিছিল। বৃটিছে দিয়া উত্তৰৰ মৰ্ম্ম আছিল এই-- “দিগ্বিজয়-সুত্ৰে আমি অসমৰ অধিকাৰী হৈছোঁ, আমি তাক এনেয়ে এৰি যামনে? আমি যেতিয়া মানৰ লগত যুদ্ধ কৰোঁ তেতিয়া তোমা- লোকে কোনেও আহি আমাক সহায় কৰা নাছিলা, এতিয়া ৰাজ্য ওভতাই বিচাৰিলে কি হ'ব?”.

  অসমীয়াই এই ভাগ্য-পৰিৱৰ্তনক নিৰ্বিবোধে মানি ল'বলৈ অস্বী- কাৰ কৰিলে। তেওঁলোকৰ ৰাজনীতিৰ সুপৰিচিত পন্থা আছিল এই--