পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হাদিৰাচকীৰপৰা গণপৰিষদলৈ ৫৭

তোমালোকে ভালকৈ জানা যে আজি কিছুবছৰৰ পূৰ্ব্বে মানে আহি তোমালোকৰ দেশ অধিকাৰ কৰি তাক লণ্ডভণ্ড কৰিছে, গো-ব্ৰাহ্মণ স্ত্ৰীক হত্যা কৰিছে, তোমালোকৰ পূজালয় কলুষিত কৰিছে, আৰু সকলো প্ৰকাৰৰ নৃশংস কাণ্ড কৰিছে। তাৰ ফলত তোমালোকৰ ভালেমান মানুহে আমাৰ কোম্পানীৰ ৰাজ্যত আশ্ৰয় লৈছেগৈ। অত্যা- চাৰীৰ কবলৰপৰা মুক্ত হ’বলৈ এতিয়া তোমালোকৰ বাঞ্চিত সুবিধা আহিছে। সেই দেখি, বৰ্তমানে আৰু ভৱিষ্যতে কালৈকো ভয় নকৰি তোমালোকে আগ বাঢ়ি আহঁ।। যি মানে তোমালোকৰ বিলৈ-বিপত্তিৰ সীমা নাইকিয়া কৰিলে সেই মানৰ ওপৰত প্ৰতিশোধ লোৱাত বিমুখ নহ'বাঁ দিগ্বিজয়ৰ লালসাত আমি তোমালোকৰ দেশত সোমোৱা নাই। নিজৰ আত্মৰক্ষাৰ বাবে আৰু আমাক অপঘাত কৰিব পৰা সুবিধাৰপৰা শত্ৰুক বঞ্চিত কৰিবৰ কাৰণেহে আমি অসমত সোমাবলৈ বাধ্য হৈছোঁ। সেইদেখি তোমালোকে নিশ্চয় জানিবা যে মান সৈন্যক অসমৰপৰা নেখেদাওঁমানে আমি কোনোপ্ৰকাৰে ক্ষান্ত নহওঁ; আৰু সেই দেশত তোমালোকৰ অভাৱ-প্ৰয়োজনৰ অনুকুল আৰু সকলো শ্ৰেণীৰ মানুহৰ মঙ্গল সাধিব পৰা শাসনৰ ব্যৱস্থা নকৰালৈকে আমি এই দেশ এৰি নাযাওঁ।

  গুৱাহাটী লোৱাৰ পিছত উজনি অসমত মানৰে সৈতে কোম্পানীৰ সৈন্যৰ কেইবাঠাইতো সংঘৰ্ষ হয়। অৱশেষত ১৮২৫ চনৰ ২৯ জানুৱাৰী তাৰিখে পুৱা কৰ্ণেল ৰিচাৰ্ডছ্ চাহাবে মানক খেদাই ৰংপুৰ অধিকাৰ কৰে। ইতিমধ্যে মণিপুৰ, কাছাৰ, চট্টগ্ৰাম আৰু মান দেশতো বৃটিছ আৰু বৰ্ম্মাৰ সংঘৰ্ষ হয়। মানৰ পৰাজয় হোৱাত, ১৮২৬ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখৰ ইয়াণ্ডাবু সন্ধিসুত্ৰব দ্বিতীয় দফামতে বৰ্ম্মাৰজাই