সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
হাদিৰাচকীৰপৰা গণপৰিষদলৈ


“দৈৱদুৰ্বিপাকত ৰাজ্য পৰাধীন হ'ব পাৰে। কিন্তু যি অসমৰাজ্য চিৰকালেই স্বাধীন আৰু স্বতন্ত্ৰ, তাত যদি বছৰচেৰেক বিদেশীৰ প্ৰভাৱ হয় তাৰ কাৰণে নিষ্কৰ্মা হৈ হাত সাবটি বহি থাকিব নেলাগে। যাতে বিদেশীৰ প্ৰভুত্ব গুচাব পাৰি তাৰ নিমিত্তেহে চেষ্টা কৰিব লাগে।” মীৰজুমলাৰ আক্ৰমণৰ পাছত অসমৰ নামনি-অংশ মোগলৰ তললৈ গ'ল আৰু অসম ৰজাই মোগলক পেচকচ কৰ-ভাৰ দিব লগাত পৰিল। এই অৱস্থালৈ চাই জয়ধ্বজসিংহ স্বৰ্গদেৱে কোচবেহাৰৰ ৰজা প্ৰাণনাৰায়ণলৈ লিখিছিল,—“কিন্তু সূৰ্য্যক ৰাহুৱে যদি আগ্ৰহণ কৰি থয় তথাপিতো সূৰ্য্যে কি পুনৰ প্ৰকাশ নকৰে?” চক্ৰধ্বজসিংহ মহাৰাজেও প্ৰাণনাৰায়ানলৈ লিখিছিল,-“মোগলে আমাক এবাৰ পৰাভৱ কৰিছে, সেই বুলি তেওঁলোকৰ অধীনতা গুচাবলৈ আমি চেষ্টা নকৰিমনে? তেওঁ লোকে আমাক এবাৰহে ঘটাইছে কিন্তু আমি তেওঁলোকক যে বাৰেপতি ঘটাইছোঁ, সেই বিষয়ে আপুনি বিশেষকৈ জানে।” সম্প্ৰতিকলৈ নানা কাৰণত পৰাধীন হ’লেও সেই পৰাধীনতাৰ শিকলি দলিয়াই পেলাবলৈ যত্নৱান হ’ব লাগিব, এয়ে আছিল অসমীয়াৰ যুগে-যুগে ৰাজনৈতিক নীতি। এনে মনোবৃত্তিধাৰী অসমীয়াই যে বৃটিছৰ শাসনক দলিয়াই পেলাবলৈ অহোপুৰুষাৰ্থ কৰিব সি স্বাভাৱিক।

  অসমৰ লুপ্ত স্বাধীনতা পুনৰ উদ্ধাৰৰ পোনপ্ৰথম চেষ্টা কৰিছিল শেন গোহাঁইৰ পুতেক গোমধৰ কোঁৱৰে। তেওঁৰ পূৰ্ব্বপুৰুষ আছিল চুচেংফা প্ৰতাপসিংহ স্বৰ্গদেৱৰ পুতেক মেৰু গোহাঁই। গোমধৰ কোৱঁৰে নিজকে স্বৰ্গদেৱ বুলি ঘোষণা কৰিছিল, আৰু ৰাজ-সম্ভ্ৰম দেখুৱাবৰ নিমিত্তে কেঁকোৰা-দোলা, আৰোৱান আদি ৰাজসম্পত্তি ব্যৱহাৰ কৰিছিল; ৰজাৰ দিনৰ আৰু বৃটিছৰ অধীনৰ বিষয়াসকললৈ চিঠি দি