পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা


 জুনমাহৰ শেষভাগত মিঙ্গিমাহা তিলোৱা অসমৰ শাসনকৰ্ত্তা নিযুক্ত হ’ল। জুলাই মাহত ৰংপুৰৰ মাজিষ্ট্ৰেট ডেভিড় স্কট ছাহাবে গবৰ্ণব- জেনেৰেললৈ লিখি পঠালে,-“বৰ্ম্মা সৈন্যই অসমদেশখন সম্পূৰ্ণভাৱে দখল কৰিছে, আৰু সেই দেশ শাসনৰ নিমিত্তে বৰ্ম্মা-সেনাপতি এজনক নিযুক্ত কৰিছে। আমি এতিয়া অসমদেশক বৰ্ম্মা-সাম্ৰাজ্যব অন্তৰ্ভুক্ত এখন প্ৰদেশ বুলি বিবেচনা কৰিব লাগিব।” মানে তুংখুঙীয়া ফৈদৰ পুণ্যধৰ কোঁৱৰক যোগেশ্বৰসিংহ নাম দি অসমৰ ৰজা পাতিলে, কিন্তু প্ৰকৃত-প্ৰস্তাৱে অসমৰ ভাগ্য-নিয়ন্তা হ’ল মান-সেনাপতি মিঙ্গিমাহা তিলোৱা।

 বৰ্ম্মাৰ নৃপতিসকলে বহুদিনৰেপৰা বঙ্গ আক্ৰমণৰ আভিসন্ধি কৰি আছিল, এতিয়া বঙ্গব গাতে লগা অসম দেশ দখল কৰাত পুৰণি সংকল্প চৰিতাৰ্থ কৰিবলৈ তেওঁলোকে সুবিধা পালে। অসমত থকা মান সৈন্যই বঙ্গ-সীমান্তৰ গাওঁবোৰত অত্যাচাৰ কৰিবলৈ ধৰিলে, আক বৃটিছলৈ দম্ভালিপূৰ্ণ চিঠি লিখি গুপ্ত উদ্দেশ্যৰ সঙ্কেত দিবলৈ ধৰিলে। বৃটিছে ভাবিলে যে মান সৈন্যই গুৱাহাটীত যুদ্ধ-নাৱত উঠি ভুটীয়াই গৈ গোৱালপাৰা পাৰ হৈ একেকোবে বঙ্গদেশত সোমাব পাৰিব, সেই দেখি মানৰ অসমৰপৰা খেদোৱাই বিধেয়।

 ১৮২৪ চনৰ ১৩ মাৰ্চ তাৰিখে বৃটিছ সৈন্যই গোৱালপাৰা এৰি গুৱাহাটীব পোনে উজাবলৈ ধবে। গুৱাহাটীত থকা মানসৈন্য়ক পৰাস্ত কবি ২৮ মাৰ্চ্চ তাৰিখে কৰ্ণেল মেক্ মৰিন্ চাহাবে সেই ঠাই অধিকাৰ কৰে।

 গোৱালপাৰা এৰাৰ পাছত বৃটিছে অসমীয়া ভাষাত লিখা এখন ঘোষণাপত্ৰ প্ৰচাৰ কৰিছিল। তাৰ নৰ্ম্ম এই,‘অসমীয়া ৰাইজ,