পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

হাদিৰাচকীৰপৰা গণপৰিষদলৈ

 আজি শুকুৰবাব, ইংৰাজী ১৫ আগষ্ট ১৯৪৭ খ্ৰীষ্টাব্দ, ২৯ শাওণ ১৮৬৯ শক। আজিৰপৰা ভাৰতব স্বাধীনতাৰ সোণাময় যুগ আৰম্ভ হৈছে। তাৰ লগে লগে ভাৰতৰ ছত্ৰৰ তলতু ভাৰতৰ অবিচেছদ্য অঙ্গ হিচাপে অসমেও স্বাধীনতা লাভ কৰিছে। ইয়াৰ মূলত হৈছে ভাৰতীয়সকলব স্বাধীনতাৰ কাৰণে দুৰ্জ্জয় অভিলাষ, আব তাক কাৰ্য্য- কৰী কৰি তোলাৰ অৰ্থে অক্লান্ত পৰিশ্ৰম, স্বাৰ্থত্যাগ আৰু অহিংস সংগ্ৰাম। সশস্ত্ৰ সংঘৰ্ষৰ সহায় নোলোৱাকৈ বিজিত জাতিয়ে বিজেতা জাতিৰপৰা স্বাধীনতা লাভ কৰাৰ এই দৃষ্টান্ত জগতৰ বুৰঞ্জীত অভিনৱ।

 সিদিনা আছিল ২১ জুন ১৮২২ খ্ৰীষ্টাব্দ, পুৱা পাঁচ বাজিবলৈ পাঁচ নিনিট সময় মাত্ৰ বাকী। মিঙ্গিমাহা বান্দুলাই উজনি অসম আৰু গুৱাহাটী অধিকাৰ কৰাত অসমৰ স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহ মহাৰাজে সসৈন্যে আহি হাদিৰাচকীত থানা পাতি থাকে। তাতে মান-সেনাপতি মিঙ্গিমাহা তিলোৱাই অসমীয়া সৈন্যক পুঁৱতী নিশা আক্ৰমণ কৰে। প্ৰায় তিনিমিনিটান সময় দুয়োদলৰে তুমুল সংগ্ৰাম হয়। ব্ৰহ্মপত্ৰৰ সিপাবে থকা গোৱালপাৰালৈকে হিলৈৰ গুৰুম-গুৰুম্ শব্দ শুনা গৈছিল। কিছুপৰ টলকা মাৰি থকাৰ পাছত পুনৰ গুলীয়াগুলি চলিবলৈ ধৰিলে। তাৰ পাছত সকলো নিমাত, নিস্তব্ধ। এই ৰণত চন্দ্ৰকান্তসিংহৰ পৰাজয় হ’ল, আৰু বৰ্ম্মা সৈন্যই হাদিবাচকী অধিকাৰ কৰিলে। ১৮২২ চনৰ ২১ জুন তাৰিখেই হৈছে অসমৰ স্বাধীনতাৰ শেষ দিন।