পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
বাণীকান্ত কাকতি


কাম-গন্ধ নোহোৱা প্ৰেমৰ উচ্ছ্বাস, যাৰ প্ৰেৰণাত প্ৰেমিকাই ‘উপাসনা- বস’ ‘বেদমাতা গায়ত্ৰী’ৰ ঠাই অধিকাৰ কৰিছে, সিও ইটালীৰ মহাকবিৰ অহৈতুকী প্ৰীতিৰ শ্ৰেণীৰেই কিবা বস্তু। কেৱল চণ্ডীদাসৰ ৰজকিনী- ভক্তি আৰু কবিত্ব-ৰস এনে সংশ্লিষ্টভাৱে অভিষিক্ত যে ৰজকিনীত কিমানখিনি সাধকৰ ৰস তাক বেলেগ বিশ্লেষণ কৰিব নোৱাৰি।

বাণীকান্ত কাকতি