পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি

থা কওঁ আৰু কৰোঁহক। আমাৰ ৰজাঘৰ বৃটিছ গভৰ্ণমেন্টৰ কথাকে নোচোৱা কিয়? ৰজা, লৰ্ড সভা আৰু প্ৰজাসাধাৰণৰ সভা। আগৰ যাৰ আহোম বজাৰ দিনতো ৰজাৰ ৰাজ-শাসন-যন্ত্ৰত তিনিখন হাত- ঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আজি-কালি কাচাৰী- বতে তিনিটা খোটালি—দেৱানী, ফৌজদাবী আক কলেক্টৰী। পাটৰ ফালৰপৰা চালেও দেখা যায় আমাৰ ভাত ৰান্ধিবলৈ হ'লেও তিনিটা উধাৰ লাগে। পলিটিক্স বা বাজনীতি-ক্ষেত্ৰতে নোচাৱা কয়? বিলাতত বাউন্টটেবোল কনফাবেঞ্চ বা ঘোঁৰা-টাবুৱা যিখন মেল হিছে ভাৰতৰ দশা গণি ভাগ্যৰ সোঁৱৰণি এখন কৰিবলৈ, তালৈ তনিটি প্ৰধান দৈৱজ্ঞ পণ্ডিত গৈছে, যথা—তেজবাহাদুৰ ছাপ্ু, জয়াকৰ াৰু জিন্না । আমাব দেশলৈকো চকু দিলে দেখিবা আমাব অসমত তনিজন নামজ্বলা নেতা-ফুকন, ববদলৈ আৰ চলিহা। মহাত্মা ান্ধীয়ে তিনিটা ডাঙৰ খুটাত আওজে,-বাপ, পো নেহেৰু আৰু ছৰ্দ্দাৰ লভভাই পেটেল। আমাব অসমত আগব দিনত ডাঙৰ মানুহৰ তিনি- না ঘৈণী থকাটো প্ৰচলিত ৰীতি আছিল। আক’ সেই দেখি সেইসকলে াঙৰ হৈ একঠা চাউল খায় গ'ল। বব ঘৈণী, মাজু ঘৈণী আৰু ৰু ঘৈণী—ববলোক ডাঙৰীয়াৰ তিনি ঘৈণী।

এজনীয়ে বান্ধে বাড়ে এজনীয়ে খায়।
এজনীয়ে খং কৰি মাকৰ ঘৰলৈ যায়॥

বঙালীৰ ভিতৰতে এনেবিধৰ কথা আছে, যথা —

বৃষ্টি পড়ে টাপুৰ টুপুৰ নদেয় এল বান।
শিব ঠাকুৰেব বিয়ে হলো তিন কন্যা দান ॥

“তিনি খেতে বলেছেন'—তিনিব ঠাইত চাবিব, পাঁচৰ প্ৰচলন হ'ল কিয় বঙালী ভদ্ৰলোকৰ ঘৰত? ঘৈণীয়েকে গিৰীয়েকৰ কথা