সমললৈ যাওক

পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি

কথা কওঁ আৰু কৰোঁহক। আমাৰ ৰজাঘৰ বৃটিছ গভৰ্ণমেন্টৰ কথাকে নোচোৱা কিয়? ৰজা, লৰ্ড সভা আৰু প্ৰজাসাধাৰণৰ সভা। আগৰ আমাৰ আহোম বজাৰ দিনতো ৰজাৰ ৰাজ-শাসন-যন্ত্ৰত তিনিখন হাত- বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আজি-কালি কাচাৰী- ঘৰতো তিনিটা খোটালি—দেৱানী, ফৌজদাৰী আক কলেক্টৰী। পটৰ ফালৰপৰা চালেও দেখা যায় আমাৰ ভাত ৰান্ধিবলৈ হ'লেও তিনিটা উধান লাগে। পলিটিক্স বা ৰাজনীতি-ক্ষেত্ৰতে নোচাৱা কয়? বিলাতত ৰাউণ্ডটেবোল কনফাৰেঞ্চ বা ঘোঁৰা-টাবুৱা যিখন মেল বহিছে ভাৰতৰ দশা গণি ভাগ্যৰ সোঁৱৰণি এখন কৰিবলৈ, তালৈ তিনিটি প্ৰধান দৈৱজ্ঞ পণ্ডিত গৈছে, যথা—তেজবাহাদুৰ ছাপ্ৰু, জয়াকৰ আৰু জিন্না । আমাব দেশলৈকো চকু দিলে দেখিবা আমাৰ অসমত তনিজন নামজ্বলা নেতা-ফুকন, বৰদলৈ আৰ চলিহা। মহাত্মা গান্ধীয়ে তিনিটা ডাঙৰ খুটাত আওজে,-বাপ, পো নেহেৰু আৰু ছৰ্দ্দাৰ বল্লভভাই পেটেল। আমাব অসমত আগৰ দিনত ডাঙৰ মানুহৰ তিনি- জনা ঘৈণী থকাটো প্ৰচলিত ৰীতি আছিল। আক’ সেই দেখি সেইসকলে ডাঙৰ হৈ একঠা চাউল খায় গ'ল। বৰ ঘৈণী, মাজু ঘৈণী আৰু সৰু ঘৈণী—বৰলোক ডাঙৰীয়াৰ তিনি ঘৈণী।

এজনীয়ে বান্ধে বাড়ে এজনীয়ে খায়।
এজনীয়ে খং কৰি মাকৰ ঘৰলৈ যায়॥

বঙালীৰ ভিতৰতো এনেবিধৰ কথা আছে, যথা —

বৃষ্টি পড়ে টাপুৰ টুপুৰ নদেয় এল বান।
শিব ঠাকুৰেৰ বিয়ে হলো তিন কন্যা দান ॥

“তিনি খেতে বসেছেন"—তিনিৰ ঠাইত চাৰিৰ, পাঁচৰ প্ৰচলন হ'ল কিয় বঙালী ভদ্ৰলোকৰ ঘৰত? ঘৈণীয়েকে গিৰীয়েকৰ কথা