হিৰণ্যকশিপু দৈত্যেন্দ্ৰই এই ত্ৰিলোককহে জয় কৰিছিল। “তিনিও লোকক তুমি জিনিলা অকলে” বুলি ষণ্ডাকৰ্মই হিৰণ্যকশিপুক “চাৰ্টিফিকেট্” বা “কমপ্লিমেন্ট' দি সান্ত্বনা কৰিছিল। আমাৰ সদাশিৱ ত্ৰিনয়ন আৰু তেওঁৰ হাতত ত্ৰিশূল। ধ্ৰূৱক গোসাঁয়ে ত্ৰৈলোক্যৰ ওপৰত থাপি থ’লে—
সপত্নী মাতৃৰ বাক্যে বিদাৰিলা মান।
ধ্ৰূৱে আসি আৰাধিলা তোমাৰ চৰণ॥
ত্ৰৈলোকৰ উপবে তাহাঙ্ক থৈলা থাপি।
গোধিকাব পুচ্ছ-ভাগে দেখি অদ্যাপি॥
ধৰ্ম্মৰ চাৰি পাদৰ ভিতৰত কলিয়ে পৰীক্ষিত ৰজাৰ দিনত তপ, শৌচ, দয়া এই তিনি পাদহে ভাঙিছিল । গঙ্গা, যমুনা, সৰস্বতীৰ সঙ্গম ত্ৰিৱেণী—য'ত স্নান কৰিলে মুক্তি লাভ হয়। দাৰ্জ্জিলিঙৰ ওচৰত তিনধবীয়া অৰ্থাৎ যি ঠাইত নৈৰ তিনিটা ধাৰা বা সোঁতৰ মিল হৈছে। গুৱাহাটীৰ বশিষ্ঠাশ্ৰমত সন্ধ্যা, ললিতা, কান্তা এই তিনি সোঁতৰ সমন্বয়। তিস্তা নৈও তিনি সোঁতৰ সঙ্গম। তন্ত্ৰমতানুলঙ্গী তান্ত্ৰিকৰ ত্ৰিভুজ মূল পদাৰ্থ। আয়ুৰ্ব্বেদ শাস্ত্ৰমতে বায়ু, পিত্ত, কফ এই তিনিটা ঘাই, আৰু ত্ৰিদোষী হলেই সঙ্কটাপন্ন অৱস্থা। আনাৰ ঘুৰ্ ঘুৰীয়া জ্বৰ নহৈ বৰকৈ জ্বৰ উঠিলেই, আমিও ক'বলৈ নেৰোঁ যে তিৰিকঁপে জ্বৰ উঠিল। গণিত শাস্ত্ৰত ত্ৰিভুজ, ত্ৰিকোণ সকলো ভুজ, কোণতকৈ চৰা। ইংৰা- জীত ত্ৰিগণমেত্ৰি, আমাৰ ভাষাত ত্ৰিকোণমিতিব কথা কলেজৰ কোন ছাতৰে নাজানে? অঙ্ক শাস্ত্ৰৰ ভিতৰত ত্ৰৈবাশিক হাড়-মগজু। সইত্ খাওঁতেও আমি সইত্ সইত্ তিনি সইত্ অৰ্থাৎ তিনিবাৰ সত্য খাওঁহক। আমি বৈষ্ণৱ সম্প্ৰদায়ৰ মানুহে নাম-প্ৰসঙ্গ কৰাৰ কথাতো তিনি প্ৰসঙ্গৰ