পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কবিৰ অহৈতুকী প্ৰীতি


  তেওঁৰ টোপনি আহিল আৰু টোপনিত এটি সপোন দেখিলে। তেওঁৰ খোটালিটো যেন জুই-বৰণীয়া কুঁৱলীৰে আচ্ছন্ন। তাৰ মাজত ভয়ঙ্কৰ আকৃতিৰ মূৰ্ত্তি এটাই তেওঁৰ পিনে এনে কঠোৰভাৱে চাই আছে যেন সেই কঠোৰতাৰ ভিতৰতো কবিৰ প্ৰতি এটি উপলুঙাৰ ভাব ফুটি ওলাইছে। অস্পষ্ট ভাষাৰে এই মূৰ্তিটোৱে বহুত কথা কোৱা যেন পালে; তাৰ ভিতৰত কৰিয়ে এইষাৰ মাথোন বুজি পালে- “ময়ে তোমাৰ প্ৰভু।" তেওঁৰ দুই বাহুৰ মাজত তেজ-বৰণীয়া কাপোৰেৰে মেৰোৱা মানৱ-মূৰ্ত্তি এটি শুই আছে। ভালকৈ মন কৰি চালত কবিয়ে দেখিলে তেওঁক বাটত প্ৰণাম কৰা ছোৱালীজনীয়েই তাত শুই আছে। মানুহজনৰ হাতত দপ্ দপ্ কৰে জুয়ে পুৰি থকা আকৌ কিবা এটি বস্তু দেখিলে। সেইটো দেখুৱাই মানুহজনে ক'লে, ‘ধৰা, এইখন তোমাৰ হিয়া।” তাৰ পিছত কোলাত শুই থকা ছোৱালীজনীক জগাই সেই জ্বলি থকা বস্তুটো খাবলৈ দিলে আৰু ছোৱালীজনীয়ে ভয় ভয়কৈ তাক খালে। তাৰ অলপ পিছতেই মানুহজনে কান্দিবলৈ ধৰিলে আৰু ছোৱালীজনীক বাহুৰ মাজত আঁকোৱালি ধৰি অদৃশ্য হ'ল। তেওঁৰ মনত খেলালে, মানুহজনে ছোৱালীজনীৰে সৈতে স্বৰ্গলৈ গ'ল। তেওঁৰ মনত এনে যন্ত্ৰণা হ’ল যে তাৰে ফলত টোপনি ভাগিল।

  সপোনৰ ঘটনা বিবৃত কবি ডাণ্টেই ছনেট কবিতা এটি লিখি তেওঁৰ সমসাময়িক কবিসকললৈ পঠিয়াই দিলে। সপোনৰ অৰ্থ কি সেইটো তেওঁলোকক সুধি পঠিয়ালে। সেইসকলৰ ভিতৰত গুইড়ো কেভেল কেণ্টি নামে কবি এজনে সপোনৰ যথাযথ স্বৰূপ ছনেট কবিতাত লেখি ডাণ্টেলৈ পঠিয়াই দিলে।